NORTHEAST NOW (Assamese)

কেন্দ্ৰৰ বিজেপি চৰকাৰে বন্ধ কৰিলে মহিলা সন্মান সঞ্চয় প্ৰমাণপত্ৰ আঁচনি

March 31, 2025 8:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 31, 2025 7:38 pm

কেন্দ্ৰৰ বিজেপি চৰকাৰে মহিলা সন্মান সঞ্চয় প্ৰমাণপত্ৰ আঁচনি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। দুবছৰ পূৰ্বে আৰম্ভ হোৱা এই আঁচনিখনে বেংক আৰু ডাকঘৰত বহুত চৰ্চা লাভ কৰিছিল। এই আঁচনিত সুদৰ হাৰ আছিল ৭.৫ শতাংশ, যিটো আন বহুতো সৰু সঞ্চয় বা ফিক্সড ডিপ’জিটৰ তুলনাত বেছি আছিল। মহিলা সকলে নাৰীৰ সুৰক্ষা আৰু সন্মানৰ কথা কোৱা চৰকাৰে এই আঁচনিৰ ম্যাদ বঢ়াব বুলি আশা কৰিছিল কিন্তু ইয়াৰ পৰিৱৰ্তে কেন্দ্ৰই এই আঁচনি বন্ধ কৰাৰ হে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

কেন্দ্ৰৰ অৰ্থ মন্ত্ৰণালয়ে  সদৰী কৰিছে যে ৩১ মাৰ্চত এই প্ৰকল্প বন্ধ হ’ব। ইয়াৰ পিছত এই প্ৰকল্পত নতুন জমা লোৱা নহ’ব। কিন্তু নাৰী সন্মানৰ নামত নতুন কি প্ৰকল্প আহিব, তাৰ ওপৰত চৰ্চা চলি আছে।  বিৰোধীয়ে কটাক্ষ কৰি কয় যে বিজেপিৰ শাসনত নাৰী সুৰক্ষিত নহয় আৰু এইখন নাৰী-বিদ্বেষী চৰকাৰ। চৰকাৰৰ বাজেটত নাৰী আৰু শিশু কল্যাণৰ বাবে মাত্ৰ ০.৫৩ শতাংশ ধন দিয়া হৈছে, যাৰ পৰা স্পষ্ট হৈ পৰিছে যে এই চৰকাৰ কিমান ভণ্ডামি কৰে।

উল্লেখ্য যে মহিলা সন্মান সঞ্চয় প্ৰমাণপত্ৰ’ আঁচনি ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল। ১৮ বছৰৰ ওপৰৰ মহিলাৰ আৰ্থিক সুবিধাৰ বাবে এই দুবছৰীয়া আঁচনি আৰম্ভ হৈছিল। নাবালিকাৰ নামতো অভিভাৱকে একাউণ্ট খুলিব পাৰিছিল। সৰ্বনিম্ন ১ হাজাৰ আৰু সৰ্বাধিক ২ লাখ টকা জমা ৰাখিব পৰা গৈছিল। ৭.৫ শতাংশ সুদ আৰু চৰকাৰৰ সমৰ্থনৰ বাবে এই আঁচনি সোনকালে জনপ্ৰিয় হৈ পৰিছিল। ইয়াৰো পৰি একেধৰণৰ সুকন্যা সমৃদ্ধি যোজনাৰ দৰে আঁচনি বাহাল আছে। এই আঁচনিৰ অধীনত একাউণ্ট খোলাৰ এবছৰ পিছত ৪০ শতাংশ টকা উলিয়াব পৰাৰ সুবিধাও প্ৰদান কৰিছে।

Related News