লালকিল্লাৰ সৈতে দিল্লী বিধানসভা সংযোগী শতাব্দী প্ৰাচীন গোপন সুৰংগ আৱিস্কাৰ

WhatsApp Image 2021-09-03 at 4.20.45 PM

দিল্লী বিধানসভা ভৱনৰ সৈতে ঐতিহাসিক লালকিল্লাক সংযোগ কৰা এটা শতাব্দী প্ৰাচীন গোপন সুৰংগ আৱিস্কাৰ কৰা হৈছে।

শুকুৰবাৰে দিল্লী বিধানসভাৰ অধ্যক্ষ ৰাম নিৱাস গোৱেলে এই কথা জানিবলৈ দিয়ে।

সুৰংগটোৰ মুখৰ ফালটো দিল্লী বিধানসভা ভৱনৰ ভিতৰত আৱিস্কৃত হৈছে।

মুক্তিযোদ্ধাসকলৰ ওপৰত প্ৰতিশোধৰ ল’বৰ বাবে ব্ৰিটিছসকলে এই সুৰংগটো ব্যৱহাৰ কৰিছিল।

দিল্লী বিধানসভা ভৱনটো প্ৰথমতে ১৯১২ চনত কলকাতাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰ কৰাৰ পাছত কেন্দ্ৰীয় বিধানসভা হিচাপে ব্যৱহাৰ কৰা হৈছিল।

পাছত ১৯২৬চনত বিধানসভা ভৱনটো এখন আদালতলৈ পৰিৱৰ্তন কৰা হয়।

ব্ৰিটিছসকলে গোপন সুৰংগটো মুক্তিযোদ্ধাসকলক বিচাৰৰ বাবে আদালতলৈ নিয়াৰ বাবে ব্যৱহাৰ কৰিছিল।

অহা বছৰ স্বাধীনতা দিৱসৰ ভিতৰত প্ৰয়োজনীয় মেৰামতি কৰাৰ পাছত সুৰংগটো ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হ’ব।