ভাৰত স্বাধীন হোৱাৰ পূৰ্বে ১৮৯৮ চনৰ ১ জুলাইত অবিভক্ত কামৰূপ তথা বৰ্তমানৰ বৰপেটা জিলাৰ ঐতিহ্যপূৰ্ণ চকচকা বজাৰত প্ৰতিষ্ঠা হোৱা চকচকা চৰকাৰী মজলীয়া বিদ্যালয়ে ১ জুলাই ২০২৩ তাৰিখে গৌৰৱোজ্জ্বল ১২৫ বছৰ পূৰ্ণ কৰে৷
এই শুভক্ষণত আজি দিনজোৰা কাৰ্যসূচীৰে ১২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়৷ প্ৰতিকুল বতৰ হোৱা হেতু কাৰ্যসূচীমতে পুৱা ৮ বজাত আৰম্ভ হ’ব লগা পতাকা উত্তোলন কাৰ্যসূচী কিছু পলমকৈ কৰা হয়।
তাৰ পিছত একাদিক্ৰমে বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছত দিনৰ ১১ বজাত ৪০ নং সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি শ্ৰী মনোৰঞ্জন তালুকদাৰে প্ৰস্তাৱিত বিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে ৷
১১.৩০ বজাত বিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ- ছাত্ৰী, শুভকাঙ্খী তথা ৰাইজৰ সহযোগত এক শোভাযাত্ৰা উলিওৱা হয়৷
দিনৰ ১২ বজাত আগন্তুক ৮,৯ আৰু ১০ নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ’ব লগা ১২৫ বছৰীয়া জয়ন্তী উদযাপনৰ প্ৰস্তুতি সম্পৰ্কত এখনি সাধাৰণ সভা বহে৷
সন্ধিয়া ৬.৩০ বজাত দিনটোৰ অন্তিম কাৰ্যসূচী বন্তি প্ৰজ্বলন আৰু আলোকসজ্জা কাৰ্য সম্পন্ন কৰা হয়৷