চন্দ্ৰ বৰপাত্ৰ গোহাঁইক সাহিত্যসূৰ্য্য লুন্মেৰ দাই স্মাৰক সাহিত্য বঁটা প্রদান

APLS Photo

পঞ্চম দশকৰ পৰা সুদীৰ্ঘকাল অৰুণাচলৰ অৰঙে-দৰঙে অসমীয়া ভাষাৰ শিক্ষাৰ পোহৰ বিলোৱা অসমৰ বৰেণ্য ব্যক্তি চন্দ্ৰ বৰপাত্ৰগোহাঁইক আজি অৰুণাচল প্রদেশ লিটাৰেৰী ছ’চাইটিৰ দ্বাৰা সাহিতাসূৰ্য্য লুম্মেৰ দাই স্মাৰক সাহিত্য বঁটা প্রদান কৰা হয়।

আজি দুপৰীয়া অৰুণাচল প্রদেশ লিটাৰেৰী ছ’চাইটিৰ সভাপতি য়েছে দৰজে ঠংচি, কাৰ্যনিৰ্বাহক সদস্য নৱজিৎ দেউৰী সৈতে যোৱা এটি প্রতিনিধি দলে বৰপাত্ৰ গোহাঁইৰ গুৱাহাটীৰ বাসগৃহত এই বঁটা প্রদান কৰে।

অনুষ্ঠান আৰম্ভণৰ পূৰ্বে অৰুণাচল প্রদেশ লেটাৰেৰী ছ’চাইটিৰ সভাপতি য়েছে দৰজে ঠংচিয়ে কয়— “ভাষা-সাহিত্যৰ প্রতি কোনো অনুৰাগ নথকা অৰুণাচলৰ পাহাৰে-ভৈয়ামে বাসবাস কৰি থকা জনসাধাৰণক পঞ্চম দশকৰ সেই দুৰ্যোগপূৰ্ণ সময়ত শিক্ষাৰ পোহৰ বিলোৱা বন্তি হিচাপে চন্দ্ৰ বৰপাত্ৰ গোহাঁইক আজি অৰুণাচলবাসীয়ে শ্ৰদ্ধাৰে সন্মান জনাইছে।পূৰ্বৰ সেই সময়বোৰ আমাৰ অৰুণাচলক সূৰ্যৰ পোহৰেও আলোকিত কৰিব পৰা নাছিল। সেয়ে বৰপাত্ৰ গোহাঁইৰ দৰে ব্যক্তিসকলেই আমাক জ্ঞানৰ পোহৰ দেখুৱালে। আমি তেখেতসকলৰ ওচৰত কৃতজ্ঞ৷”

আজিৰ অনুষ্ঠানত অৰুণাচল প্রদেশ লিটাৰেৰী ছ’চাইটিৰ দ্বাৰা সাহিত্যসূৰ্য্য লুম্মেৰ দাই বঁটা গ্ৰহণ কৰি চন্দ্ৰ বৰপাত্ৰ গোহাঁইয়ে কয়—“১৯৫৩ চনৰ পৰা ১৯৮০ চনলৈকে মই অৰুণাচলত থাকি তাৰ পাহাৰত বসবাস কৰি থকা অৰুণাচলীসকলৰ লগত আনন্দৰে দিন পাৰ কৰিছিলোঁ৷ সুদীৰ্ঘদিন হ’ল মই অৰুণাচলৰ পৰা অহা। মই এতিয়া অৰুণাচলৰ পৰা বিচ্ছিন্ন হৈ পৰিছোঁ যদিও মোৰ আত্মাটো অৰুণাচলতেই আছে। তেওঁলোকৰ আচাৰ-ব্যৱহাৰ, চাল-চলনে মোক সদায়েই আকৰ্ষিত কৰি আহিছে। আজি অৰুণাচলবাসীৰ এই স্বীকৃতিয়ে মোক অধিক উৎসাহিত কৰি তুলিছে। বহুত ভাল

লাগিছে৷ সেই সময়ত শিক্ষাৰ পোহৰ নপৰা অৰুণাচলত আমি কেনেদৰে ভয়াৱহ পৰিস্থিতিত শিক্ষা প্রদান কৰিছিলোঁ সেইবোৰ কথা মনত পৰিলে আজিও আমাৰ গাৰ নোম শিয়ৰি উঠে।”

আজিৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্রাক্তন সহকাৰী সম্পাদক তথা বৰ্তমানৰ প্রকাশন আহ্বায়ক দেৱজিৎ বৰা, ‘স্বৰ্ণলিপি’ আলোচনীৰ সম্পাদক হৃদয়ানন্দ গগৈ, আৰু চন্দ্ৰ বৰপাত্ৰ গোহাঁইৰ সহধৰ্মিনী নীলিমা বৰপাত্ৰ গোঁহাই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

অনুষ্ঠান আৰম্ভণিৰ পূৰ্বে অৰুণাচল প্রদেশ লিটাৰেৰী ছ’চাইটিৰ দ্বাৰা সাহিত্যসূৰ্য্য লুম্মেৰ দাই বঁটাৰ অংশ হিচাপে এখন প্রশস্তি-পত্ৰ, এটি স্মাৰক, অংগবস্ত্ৰ, গ্ৰন্থৰ টোপোলা আৰু দহ হাজাৰ টকাৰ এখন চেক প্রদান কৰা হয়।