NORTHEAST NOW (Assamese)

বন্ধ হ’ল ধূলিৰ ধুমুহা, চন্দ্ৰৰ বুকুত নামি খোজ কাঢ়িছে ৰ’ভাৰ প্ৰজ্ঞানে, এতিয়া কি কাম?

August 24, 2023 10:49 am · এন ই নাও নিউজ, গুৱাহাটী

চন্দ্ৰ আৰু লুকাই নাথাকিল। চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ অৱতৰণ কৰি ভাৰতে ইতিহাস ৰচনা কৰিলে। চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰমে বুধবাৰে সন্ধিয়া ৬:০৪ বজাত চন্দ্ৰত মসৃন অৱতৰণ কৰে। কিন্তু এইবাৰ? চন্দ্ৰযানৰ কাম ইয়াতেই শেষ নহয়। পৰৱৰ্তী পদক্ষেপত কি কৰিব চন্দ্ৰযানে, জনাইছে ইছৰোৱে। লেণ্ডাৰ বিক্ৰমৰ নিৰাপদ অৱতৰণৰ পিছত ওলাই আহিল ৰ’ভাৰ প্ৰজ্ঞান। লেণ্ডাৰখন য’ত থিয় হৈ আছে তাৰ পৰা নমুনা সংগ্ৰহ কৰিব ৰ’ভাৰে।

প্ৰথম অৱস্থাত পৰিকল্পনা আছিল যে চন্দ্ৰত অৱতৰণ কৰাৰ আধা ঘণ্টাৰ ভিতৰতে লেণ্ডাৰ বিক্ৰমৰ বুকুৰ পৰা ওলাই আহিব ৰ’ভাৰ প্ৰজ্ঞান। ইয়াৰ পিছত ই লেণ্ডাৰৰ চাৰিওফালে মাটিৰ নমুনা সংগ্ৰহ কৰিব।

অৱশ্যে ইছৰোৰ মতে, ৰ’ভাৰখন ওলাই আহিবলৈ কিছু সময় লাগিছে। ধূলিৰ ধুমুহাৰ বাবেই এনে হৈছিল। লেণ্ডাৰ বিক্ৰম চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সময়ত ওপৰলৈ উৰি যোৱা ধূলি বন্ধ হ’বলৈ কিছু সময় লাগিছিল।

লগতে পঢ়ক: মিজোৰামত নিৰ্মাণৰত ৰে’ল দলং ভাঙি মৃত্যু হোৱা লোকৰ ২৪ জনেই পশ্চিমবংগৰ মালদাৰ শ্ৰমিক

চন্দ্ৰত কিয় ইমান ধূলি সেয়াও বিজ্ঞানীসকলেও জনাইছে। তেওঁলোকৰ মতে চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তি থাকিলেও ই পৃথিৱীৰ এক চতুৰ্থাংশহে, গতিকে ধূলিৰ কণাবোৰ পুনৰ মাটিত পৰি মিহলি হ’বলৈ তুলনামূলকভাৱে বহু সময় লাগে।

বিজ্ঞানীসকলে ভাবিছিল যে ধূলিৰ ধুমুহা কমি যোৱাৰ আগতেই যদি ৰ’ভাৰ প্ৰজ্ঞান ওলাই যায় তেন্তে ই ৰ’ভাৰৰ কেমেৰা আৰু অন্যান্য উপাদানৰ ক্ষতি কৰিব পাৰে, যিবোৰ অত্যন্ত সংবেদনশীল।

ইছৰোৰ মুৰব্বী এছ সোমনাথে ইয়াৰ পূৰ্বে কৈছিল যে ৰ’ভাৰ প্ৰজ্ঞানে লেণ্ডাৰ এৰিবলৈ কেইঘণ্টামানৰ পৰা এদিন সময় ল’ব পাৰে। কিন্তু ৰ’ভাৰখন ওলাই আহিবলৈ কম সময় লাগিল।

লগতে পঢ়ক: ৰাছিয়াত বিমান দুৰ্ঘটনাত নিহত পুটিনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা ‘ৱেগনাৰ’ৰ মুৰব্বী প্ৰিগ’জিন

চন্দ্ৰযান-৩ অৱতৰণৰ পিছত ইছৰোৰ মুৰব্বী এছ সোমনাথে কৈছিল, “কিছু ঘণ্টাৰ পিছত ৰ’ভাৰখন ওলাই আহিব। কেতিয়াবা এদিন সময় লাগিব পাৰে…যেতিয়া ৰ’ভাৰখন ওলাই আহিব তেতিয়া ই মূলতঃ দুটা জৰীপ কৰিব। ৰ’ভাৰ প্ৰজ্ঞানে মুঠ ১৪ দিন গৱেষণা কৰিব।”

ইছৰোৰ মতে, প্ৰজ্ঞান ৰ’ভাৰে প্ৰথমে সৌৰ জগত বিশ্লেষণ কৰিব। এতিয়াৰ বাবে ৰ’ভাৰখন কেবলৰ জৰিয়তে লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ হৈ থাকিব। পিছত যেতিয়া ৰ’ভাৰখন চন্দ্ৰৰ মাটিত স্থিৰ হ’ব, তেতিয়া সেই সংযোগ বিচ্ছিন্ন হ’ব। তেতিয়াহে আচল গৱেষণা আৰম্ভ হ’ব।

লগতে পঢ়ক: দবা বিশ্বকাপৰ ফাইনেলৰ দ্বিতীয় ৰাউণ্ডো ড্ৰ’; টাইব্ৰেকাৰলৈ বিশ্বৰ ১ নম্বৰ কাৰ্লচেনৰ বিৰুদ্ধে ভাৰতীয় প্ৰজ্ঞানন্দৰ যুঁজ

চন্দ্ৰৰ এটা দিনৰ সমান ১৪ দিনৰ ভিতৰত ই চন্দ্ৰৰ মাটি আৰু উষ্ণতাৰ বিষয়ে অধ্যয়ন কৰিব। চন্দ্ৰৰ মাটিত প্ৰকৃততে পানী আছে নে নাই সেই বিষয়েও অনুসন্ধান কৰিব এই ৰ’ভাৰে। চন্দ্ৰত নিশা হোৱাৰ লগে লগে সৌৰশক্তিচালিত ৰ’ভাৰ প্ৰজ্ঞানো বন্ধ হৈ যাব।

Related News