নাগৰিকত্ব (সংশোধন) আইন পুনৰ সংশোধন কৰাৰ ইংগিত অমিত শ্বাহৰ

Amit-Shah-1-750x375

অমিত শ্বাহ। ফাইল ফটো।

বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনখনত উত্তৰ-পূবৰ প্ৰয়োজনত কিছু সালসলনি ঘটোৱা হ’ব পাৰে বুলি এটা ইংগিত দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।

অসম তথা উত্তৰ-পূবত নাগৰিকত্ব (সংশোধন) আইনখনক লৈ তীব্ৰ আপত্তি আৰু প্ৰতিবাদ চলি থকাৰ মাজতে ১৪ ডিচেম্বৰত ধানবাদত এটা সমাৱেশত গৃহ মন্ত্ৰীজনে আইনখন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

১৩ ডিচেম্বৰত কনৰাড চাংমা আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীসকলে শ্বাহক লগ কৰি উত্থাপন কৰা দুশ্চিন্তাবোৰৰ প্ৰসংগ টানি গৃহ মন্ত্ৰীজনৰ মন্তব্য, “কনৰাড চাংমা আৰু তেওঁৰ মন্ত্ৰীসকলে মোক শুকুৰবাৰে লগ কৰিছিল আৰু তেওঁলোকে সন্মুখীন হৈ থকা সমস্যাবোৰৰ বিষয়ে অৱগত কৰিছিল।… তেওঁলোকে যেতিয়া আইনখনত কিছুমান সালসলনি কৰাৰ প্ৰয়োজন বুলি কয়, মই তেওঁলোকক খ্ৰীষ্টমাচৰ পিছত আহিবলৈ ক’লো আৰু বিষয়টোত গঠনমূলক আলোচনা কৰি মেঘালয়ৰ সমস্যাবোৰৰ সমাধান উলিয়াম বুলি কথা দিলো”।

মন্ত্ৰীজনে ঝাৰখণ্ডৰ গিৰিদিহত এটা সমাৱেশ কোৱা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই কথাখিনি উদ্ধৃতিৰ ৰূপত প্ৰকাশ কৰা হৈছে।

নাগৰিকত্ব আইন সংশোধনৰ বাবে অনা বিধেয়কখনত ৰাষ্ট্ৰপতিয়ে ১৩ ডিচেম্বৰত স্বাক্ষৰ কৰি ইয়াক আইনত পৰিণত কৰে।

আইনখনক লৈ সমগ্ৰ উত্তৰ-পূবৰ লগতে দেশৰ বিভিন্ন ঠাইত তীব্ৰ প্ৰতিবাদ হৈছে।

শ্বাহে শুকুৰবাৰে একাধিক নিৰ্বাচনী সমাৱেশত ভাষণ দি এই প্ৰতিবাদ কংগ্ৰেছৰ উচটনিত হোৱা বুলি অভিযোগ কৰে।

উল্লেখযোগ্য যে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই আৰম্ভণিৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছিল আৰু নিজৰ ৰাজ্যখনক ইয়াৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ দাবী জনাই আহিছিল। বিধেয়কখন উভয় সদনত গৃহীত হোৱাৰ পিছতো তেওঁ এই দাবী লৈ গৃহ মন্ত্ৰী অমিত শ্বাহক লগ কৰিছিল।

তাৰ বিপৰীতে অসমৰ জনগণৰ আৰ্তনাদ সত্ত্বেও মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাগৰিকত্ব সংশোধনী বিধেয়কক আদৰি লৈছে আৰু বিধেয়কখন অনা বাবে মোদী আৰু অমিত শ্বাহক ধন্যবাদহে জ্ঞাপন কৰিছে, যিটো মন্ত্ৰী হিমন্তয়ো কৰিছে।