দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

মাৰ্ঘেৰিটা মহকুমাৰ জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাৱস্ত্য কৰে।

বিশাল সমদল কৰি ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাগুন শ্বহীদ বেদীৰ কাষত প্ৰতিবাদকাৰী সকলে বিভিন্ন ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।।

জাগুন দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ।

জাগুন আৰক্ষী চকীৰ সমীপত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে সংগঠনটোৰ লগতে প্ৰায় ৫ শতাধিক কৰ্মীয়ে।

মাৰ্ঘেৰিটাস্থিত কাৰ্যবাহী দণ্ডাধীশে পথ অৱৰোধস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰে আৰু তেওঁলোকৰ দাবী সন্দৰ্ভত অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ আশ্বাস প্ৰদান কৰে।

ইয়াৰ পিছতে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ উঠাই লয় যদিও দলং নিৰ্মাণ নকৰিলে প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়ে।

উল্লেখ্য যে কেইদিন মান পূৰ্বে জাগুন দিহিং ঘাটতনাও দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হৈছিল।