CAA বিৰোধী আন্দোলনৰ শ্বহীদ চেম ষ্টেফৰ্ডৰ মাতৃ অসুস্থ; চিকিৎসালয়ত স্বাস্থ্যৰ বুজ ল’লে আছু নেতৃত্বই

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ শ্বহীদ চেম ষ্টেফৰ্ডৰ মাতৃ অসুস্থ হৈ পৰিছে।

চিকিৎসাধীন হৈ থকা চেম ষ্টেফৰ্ডৰ মাতৃৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে আজি ৰাতিপুৱা চিকিৎসালয়ত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আৰু সহঃ সাধাৰণ সম্পাদক প্ৰকাশ দাস।

আছুৰ প্ৰতিনিধিৰ দলটোৱে চিকিৎসালয়ত উপস্থিত হৈ চেম ষ্টেফৰ্ডৰ মাতৃৰ স্বাস্থ্যৰ খবৰ লোৱাৰ উপৰিও চিকিৎসা আগবঢ়াই থকা চিকিৎসকৰ সৈতে বাৰ্তালাপ কৰে।

আছুৰ প্ৰতিনিধি দলটোৱে চেম ষ্টেফৰ্ডৰ মাতৃক সাক্ষাৎ কৰি পুত্ৰ শোকত দগ্ধ মাতৃগৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ লগতে তেখেতৰ সন্তানৰ ত্যাগ অথলে যাবলৈ দিয়া নহয় বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম শিল্পী সমাজৰ উদ্যোগত চলা CAA-বিৰোধী আন্দোলনত বিগত বৰ্ষৰ  ১২ ডিচেম্বৰত অংশগ্ৰহণ কৰি ঘৰলৈ ঘূৰি অহাৰ সময়তে আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত মৃত্যু হৈছিল চেম ষ্টেফৰ্ড নামৰ ১৭ বছৰীয়া ছাত্ৰজনৰ।

জাতি-ধৰ্ম নিৰ্বিশেষে স্থানীয় ৰাইজৰ সহযোগিতাত মহানগৰীৰ হাতীগাওঁ হাইস্কুল খেলপথাৰত আছু, শিল্পীসমাজে CAA-বিৰোধী আন্দোলনৰ শ্বহীদ চেম ষ্টেফ’ৰ্ডৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ পাতে।

“ভাবিব নোৱৰা কথা যে দশম শ্ৰেণীৰ এজন ছাত্ৰৰ আজি আদ্যশ্ৰাদ্ধ পাতিব লগীয়া হৈছে। চেমৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি পুনৰ পণ লৈছো CAA-বিৰোধী আন্দোলনৰ চহিদৰ ত্যাগ অথলে যাবলৈ নিদিওঁ,” আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই ৰাজহুৱা আদ্যশ্ৰাদ্ধত কৈছিল।