বেটে-বলে দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰাজস্থানৰ বিৰুদ্ধে দুৰন্ত জয় ধোনীৰ চেন্নাইৰ

CSK against RR

বেটে-বলে দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰাজস্থান ৰয়েলছক হৰুৱাই আইপিএলত এইবাৰ নিজৰ দ্বিতীয়টো বিজয় সাৱ্যস্ত কৰিলে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বৰ চেন্নাই ছুপাৰ কিংছে।

চেন্নাইয়ে বান্ধি দিয়া ১৮৯ৰাণৰ লক্ষ্য অনুসৰণ কৰি মাত্ৰ ১৪৩ৰাণতে ইনিংছ সামৰিবলৈ বাধ্য হয় ৰাজস্থানে।

চেন্নাইৰ অধিনায়ক হিচাপে নিজৰ ২০০ সংখ্যক মেচখনত মহেন্দ্ৰ সিং ধোনীয়ে দলক ৪৫ ৰাণত বিজয় আনি দিয়ে।

সোমবাৰে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনে।

ইপিনে, বেটিং কৰিবলৈ নামি আৰম্ভণিতে কিছু বিপৰ্যয়ৰ সন্মুখীন হয় চেন্নাই। মাত্ৰ ১০ ৰাণ কৰিয়েই আউট হয় অপেনাৰ ঋতুৰাজ গাইকোয়াড। তাৰপাছত দলৰ ৪৫ৰাণত আনজন অপেনাৰ ডু’প্লেছিও আউট হৈ যায়।

ডু’প্লেছিয়ে ৪টা চাৰি আৰু ২টা ছয়ৰ সহায়ত মাত্ৰ ১৭বলত ৩৩ৰাণ কৰি আউট হয়।

ইয়াৰ পাছতে মঈন আলীয়ে ২০টা বলত ২৬ৰাণ কৰে। মঈন আউট হোৱাৰ পাছত ক্ৰীজলৈ অহা অম্বাতি ৰায়ডুৱে ৰাইনাৰ সৈতে যুটী বান্ধি দলৰ বাবে দ্ৰুত ৰাণ সংগ্ৰহ কৰে।

ৰায়ডুৱে ১৭টা বলত ২৭ৰাম কৰি আউট হয়। শেষৰ পিনে ব্ৰেভোৰ ৮টা বলত ২০ৰাণৰ সহায়ত চেন্নাইয়ে দলীয় স্ক’ৰ ১৮০ অতিক্ৰম কৰে।

ৰাজস্থান ৰয়েলছে ১৮৯ৰাণৰ লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ নামি ভাল আৰম্ভণি ঘটায় যদিও তাৰপাছত তাচপাতৰ দৰে খহি পৰে দলৰ ইনিংছ। মাত্ৰ এপিনে জোছ বাটলাৰে যুঁজ অব্যাহত ৰাখে।

কিন্তু দলৰ বাকী বেটছমেনসকল ব্যৰ্থ হয়। বাটলাৰে ৩৫টা বলত ৪৯ৰাণৰ এক দৰ্শণীয় ইনিংছ খেলে। কিন্তু দলক বিজয় দিবলৈ সেয়া যথেষ্ট নাছিল। তেওটিয়া(২০) আৰু উনাদকাটৰ (২৪) চেষ্টাও কামত নাহিল।

অৱশেষত নিৰ্দিষ্ট ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ৰাজস্থানে ১৪৩ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

খেলখনত চেন্নাইৰ বিজয়ৰ মূল যোদ্ধা আছিল বলাৰসকলহে। মঈন আলীয়ে মাত্ৰ ৭ৰাণ দি ৩টা উইকেট দখল কৰে। তদুপৰি, জাডেজা আৰু কুৰানেও লাভ কৰে দুটাকৈ উইকেট।