প্ৰথম অসম ৰেপিড ৰেটিং দবাত মায়াংক চেম্পিয়ন

গুৱাহাটীৰ পাঞ্জাবাৰীৰ বিপনন বাণিজ্য ক্ষেত্ৰত আজি অনুষ্ঠিত হোৱা সদৌ অসম প্ৰথম ৰেপিড ৰেটিং দবা প্ৰতিযোগীতাত মায়ংক চক্ৰৱৰ্তীয়ে চেম্পিয়নৰ খিতাপ দখল কৰে ।

জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন মায়ংকে নিজৰ অপ্ৰতিৰোধ্য ধাৰা অব্যাহত ৰাখি ৯ খেলৰ আটাইকেইখনতে জয় লাভ কৰি এই খিতাপ অৰ্জন কৰে । আনহাতে দবা প্ৰতিযোগিতাখনৰ প্ৰথম ৰানাৰ্চ আপৰ খিতাপ লাভ কৰে প্ৰাক্তন অসম চেম্পিয়ন ৰাজীৱ ধৰে ।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ১১২ গৰাকী চিনিয়ৰ , জুনিয়ৰ দবাৰুৱে অংশগ্ৰহণ কৰা অসম ৰেপিড ৰেটিং প্ৰতিযোগিতা খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চেম্বাৰ্চ অৱ কৰ্মাচৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে । বিশিষ্ট অতিথি তথা খেলুৱৈ হিচাপে অংশগ্ৰহণ কৰে মহানগৰ জিলা উপায়ুক্ত পল্লৱ ঝাই ।

সদৌ অসম দবা সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাখন পৰিচালনা কৰে ৰবিকান্ত তিৱাৰী আৰু অনন্ত গোস্বামীয়ে ।