জ্যেষ্ঠ অধিবক্তাৰ স্বীকাৰোক্তি! “মই হুইস্কিৰ অনুৰাগী” : উচ্চতম ন্যায়ালত উঠিল হাঁহিৰ জোৱাৰ

সাধাৰণতে বন্ধুৰ গধূলিৰ আদ্দাত হুইস্কীক লৈ গৰম চৰ্চা হোৱাতো তেনেই স্বাভাৱিক কথা। কিন্তু গুৰুত্বপূৰ্ণ শুনানি আৰু বিচাৰৰ মাজতে এইবাৰ হুইস্কীয়ে মহল গৰম কৰি তুলিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়া। হয় আপুনি ঠিকেই শুনিছে, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ সমুখতেই জ্যেষ্ঠ অধিবক্তাই কৈ পেলালে – “হয় মই হুইস্কীৰ অনুৰাগী।”

গোচৰৰ শুনানি আৰু বিচাৰৰ মাজতে মুখ্য ন্যায়াধীশ আৰু জ্যেষ্ঠ অধিবক্তাৰ ধেমেলীয়া কথাই হাঁহিৰ জোকাৰণি তুলিলে উচ্চতম ন্যায়ালয়ত। 

বুধবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ সমুখলৈ এক গোচৰৰ শুনানিৰ বাবে আহিছিল জ্যেষ্ঠ অধিবক্তা দীনেশ দ্বিবেদী। চুলিত ৰং লাগি আছিল দীনেশ দ্বিবেদীৰ। চুলিত কিহৰ ৰং লাগিল সোধাত মুখ্য ন্যায়াধীশক সম্বোধন কৰি তেওঁ কয়, ‘মোৰ ৰঙীন চুলিৰ বাবে ক্ষমা বিচাৰিছো। হোলীৰ বাবেই মোৰ চুলিৰ এই অৱস্থা। ওচৰে পাজৰে ইমানবোৰ ল’ৰা-ছোৱালী আৰু নাতি-নাতিনী থকাৰ বাবে নিজকে বচাব নোৱাৰিলোঁ”

এই সুযোগতে মুখ্য ন্যায়াধীশেও ধেমালি কৰি ক’লে “মদৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই? ” মুখ্য ন্যায়াধীশৰ এই কথা শুনাৰ পিছত আদালতত হাঁহিৰ ৰোল উঠিল। অধিবক্তা দ্বিবেদীয়েও হাঁহি হাঁহি ক’লে, “হয় হয়, সম্পৰ্ক আছে। হোলী মানেই মদৰ পাৰ্টি… স্বীকাৰ কৰিব লাগিব। মই হুইস্কিৰ অনুৰাগী।”  এই কথা শুনাৰ পিছত আৰু হাঁহিৰ গিৰিজনি উঠিল আদালতৰ কক্ষত। 

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ত ঔদ্যোগিক সুৰাক লৈ এটা গোচৰ চলি আছিল। উচ্চতম ন্যায়ালয়ৰ ৯ জনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰি আছিল যে ঔদ্যোগিক মদে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ঔদ্যোগিক মদ উৎপাদনৰ নিয়ম উলংঘা কৰা কৰিছে। এই গোচৰত উত্তৰ প্ৰদেশ চৰকাৰক প্ৰতিনিধিত্ব কৰিছিল দীনেশ দ্বিবেদীয়ে।