২০২০-২১ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফিটা কাটি মুকলি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

index.jpgz

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত ২০২০-২১ পর্যটন বর্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পর্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে।

আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা আৰু বাগৰি ৰেঞ্জত জীপ ছাফাৰী আৰম্ভ হৈছে আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ বাকী দুটা ৰেঞ্জ আৰু হাতী চাফাৰীও নৱেম্বৰ মাহৰ পৰা পর্যটকসকলৰ বাবে মুকলি হ’ব বুলি উদ্যান কৰ্তৃপক্ষই জনায়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্বৰ পর্যটকৰ বাবে মুকলি কৰি সাংবাদিকক উদ্দেশ্যি প্রদান কৰা বক্তব্যত মুখ্যমন্ত্রীয়ে কভিড-১৯ য়ে সৃষ্টি কৰা লকডাউনৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন পর্যটকৰ বাবে মুকলিৰ জৰিয়তে ৰাজ্যখনৰ পর্যটন খণ্ডই বিশেষ গতি লাভ কৰিব বুলি আশা প্রকাশ কৰে।

মুখ্যমন্ত্ৰীয়ে লগতে জীপ ছাফাৰী তথা অন্যান্য পর্যটন ৰ কাম-কাজ ৰ জৰিয়তে কাজিৰঙা তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ যুৱ চামে অর্থৱহ নিয়ােজনৰ সুবিধা পুনৰ লাভ কৰিব বুলিও কয়।

কভিড-১৯ অতিমাৰীয়ে সৃষ্টি কৰা অর্থনৈতিক স্থবিৰতা হ্রাস কৰাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰীৰ সৈতে জড়িত থকা লােকক ৰাজ্য চৰকাৰে এককালীন আর্থিক সাহায্য প্রদানৰ কথা উল্লেখ কৰি ৰাজ্যখনৰ পর্যটন খণ্ডৰ সৈতে জড়িত লােকসকলক সকাহ প্রদানৰ বাবে ৰাজ্য চৰকাৰে ভৱিষ্যতেও আৰু অধিক পদক্ষেপ লৈ যাব বুলিও তেওঁ মন্তব্য কৰে৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনে সামৰি লােৱা ৫ খন জিলা তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে থকা স্থানীয় জনসাধাৰণক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শনৰ বাবে অহা পর্যটকসকলক উৎকৃষ্ট আতিথ্য সেৱা প্রদান কৰাৰ বাবেও মুখ্যমন্ত্রীয়ে আহ্বান জনায় যাতে বাহিৰৰ পর্যটকসকলে অসমৰ এক উজ্জ্বল প্রতিচ্ছবি বিশ্বৰ বুকুত দাঙি ধৰিবলৈ সক্ষম হয়।

বিগত চাৰে চাৰি বছৰত ৰাজ্য চৰকাৰে গঁড়ৰ চোৰাং চিকাৰ ৰােধ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কাজিৰঙা আৰু ইয়াৰ দাঁতিকাষৰীয়া জনসাধাৰণে এই দিশত আগবঢ়ােৱা সহায়-সহযােগিতাৰাে শলাগ লয়। মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান তথা অন্যান্য পর্যটন থলীসমূহ পৰিদর্শন কৰাৰ সময়ত কভিড-১৯ৰ সংক্রমণ ৰােধ কৰাৰ বাবে স্বাস্থ্য বিভাগে ধার্য কৰা প্রটকলসমূহ সঠিকভাৱে মানি চলাৰ বাবেও সকলোকে আহ্বান জনায় ।

সমাগত উৎসৱৰ বতৰত কভিড-১৯ৰ সংক্রমণ ৰােধ কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে কালি দেশবাসীলৈ জনােৱা আহ্বানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে পর্যটন খণ্ডব লগত জড়িত সংশ্লিষ্ট সকলােকে স্বাস্থ্য বিভাগে ধার্য কৰা কভিড-১৯ প্রটকলসমূহ কঠোৰভাৱে মানি চলাৰ বাবেও আহ্বান জনায়।

সংবাদ মাধ্যমকো ২০২০-২১ৰ পর্যটন বর্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ বাতৰি বহুলভাৱে প্রচাৰ কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনায় যাতে দেশৰ বিভিন্ন প্রান্তৰ লগতে বিদেশৰ পর্যটকসকলে কাজিৰঙাৰ নৈসর্গিক শােভা উপভােগৰ বাবে আহে আৰু লগতে অসমৰ পর্যটন উদ্যোগলৈও অর্থৱহ অৰিহণা আগবঢ়াব পাৰে।

কাজিৰঙা ৰাষ্ট্রীয় উদ্যান মুকলিৰ পিছতে মুখ্যমন্ত্ৰীয়ে জীপ ছাফাৰীৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাঠপৰা দর্শনচূড়ালৈকে যায় আৰু কাজিৰঙাৰ নৈসৰ্গিক শোভা দৰ্শন কৰে।

পৰিদর্শনৰ সময়ত কৃষিমন্ত্রী তথা বােকাখাত সমষ্টিৰ বিধায়ক অতুল বৰা, জলসম্পদ মন্ত্রী কেশৱ মহন্ত, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, বিধায়ক ঋতুপর্ণ বৰুৱা, প্রধান মুখ্য বন সংৰক্ষক তথা মুখ্য বনবল এ এম সিঙ, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, সংখ্যালঘু আয়োগৰ অধ্যক্ষ মমিনুল আৱাল লগতে বিশিষ্ট ব্যক্তি সকলো উপস্থিত থাকে।