জামাদাৰ বৃত্তি নিৰ্মূলৰ বাবে অসম চৰকাৰৰ পদক্ষেপ; মল-মূত্ৰ নিষ্কাষণৰ বাবে যন্ত্ৰ ক্ৰয়ৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

Assam CM Sonowal greets people on Eid-Ul-Fitr

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগক ৰাজ্যখনত থকা জামাদাৰ সকলৰ চিনাক্তকৰণৰ দিশত নিৰ্দিষ্ট সময় সীমা ধাৰ্যকৰণেৰে এক জৰীপ কাৰ্য্য চলোৱাৰ বাবে নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীয়ে লগতে জামাদাৰ সকল যাতে নতুন কৰ্ম ক্ষেত্ৰত নিয়োজিত হোৱাৰ পথ মুকলি হয় তাৰ বাবে তেওঁলোকৰ দক্ষতা উন্নয়নৰ এক ব্যাপক কাৰ্য্যসূচীৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবেও বিভাগক নিৰ্দেশ দিয়ে।

আজি জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ সভাকক্ষত জামাদাৰ আইন-২০১৩ ৰূপায়ণৰ ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটিৰ বৈঠকত অধ্যক্ষতা কৰি মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনত জামাদাৰ বৃত্তি নিৰ্মূলৰ দিশত গুৰুত্ব সহকাৰে পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰটো গুৰুত্ব আৰোপ কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে মল-মূত্ৰ নিষ্কাষণ ব্যৱস্থাপনাৰ দিশত আধুনিক আৰু কাৰ্যক্ষম পদ্ধতি প্ৰাৰম্ভণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগক সমগ্ৰ ৰাজ্য জুৰি জামাদাৰ চিনাক্তকৰণৰ বাবে নগৰ উন্নয়ন বিভাগৰ সৈতে এক জৰীপ কাৰ্য্য চলোৱাৰ বাবেও নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীয়ে জামাদাৰ সকলৰ পঞ্জীয়নৰ ব্যৱস্থা কৰিবলৈও বিভাগক নিৰ্দেশ দিয়ে যাতে চৰকাৰী কল্যাণকামী আঁচনি সমূহৰ দ্বাৰা তেওঁলোক লাভান্বিত হোৱাৰ লগতে তেওঁলোকৰ সামাজিক সৱলীকৰণ সম্ভৱ হৈ উঠে। উল্লেখযোগ্য যে, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগে ইতিমধ্যে গোলাঘাট, লখিমপুৰ, যোৰহাট জিলাত জৰীপ কাৰ্য্য চলাই ৫৪২ গৰাকী জামাদাৰ চিনাক্ত কৰিছে।

জামাদাৰ বৃত্তিত বৰ্তমানে নিয়োজিত হৈ থকা ব্যক্তিসকলৰ মৰ্যাদাপূৰ্ণ জীৱন নিৰ্বাহৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰীয়ে বিভাগক মল-মূত্ৰ নিষ্কা,ণৰ দিশত যান্ত্ৰিক পদ্ধতি প্ৰাৰম্ভণৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে পৌৰনিগমৰ অধীনৰ নগৰ তথা অন্যান্য নগৰ-চহৰ সমূহৰ মল-মূত্ৰ নিষ্কাষণৰ দিশত সহায়ক হোৱাকৈ শৌচালয়ৰ পৰা মল সংগ্ৰহ কৰিব পৰা যন্ত্ৰ ক্ৰয় কৰাৰ বাবেও নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীয়ে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান সমূহেও যাতে এই দিশত জড়িত হ’ব পাৰে তাৰ বাবে এই যন্ত্ৰ ক্ৰয়ৰ দিশত ৰাজ সাহায্য ব্যৱস্থা এটা যুগুতাবৈও বিভাগক নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীয়ে জামাদাৰ সকলৰ পুনৰ সংস্থাপনৰ বাবে এক বিস্তৃত আঁচনি প্ৰস্তুতৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে চৰকাৰৰ দক্ষতা উন্নয়ন কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকৰ সৱলীকৰণৰ পদক্ষেপ লোৱাৰ ওপৰটো গুৰুত্ব আৰোপ কৰে।

মুখ্য মন্ত্ৰীয়ে জামাদাৰ সম্বন্ধীয় বিষয় সমূহ অগ্ৰাধিকাৰৰ ভিত্তিত নিৰাময়ৰ দিশত সহায়ক হোৱাকৈ ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী আয়োগৰ লেখীয়াকৈ ৰাজ্যিক পৰ্যায়ৰ চাফাই কৰ্মচাৰী আয়োগ এখন গঠনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ বিভাগক নিৰ্দেশ দিয়ে। স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰীয়ে এই দিশত নিয়মীয়া ভাৱে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে নগৰীয়া স্থানীয় নিকায় সমূহক তেওঁলোকৰ নগৰ-চহৰ সমূহত এই দিশত উপযুক্ত সজাগতা সৃষ্টিৰ ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়ে।

বৈঠকত ভৈয়ামৰ জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম, বিধায়ক গুৰুজ্যোতি দাস, অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰা, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ আয়ুক্ত সচিব ড০ এম অংগমুথু, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ জেষ্ঠ বিষয়াসকল উপস্থিত থাকে।