বৰদলৈ ট্ৰফীৰ হৃত গৌৰৱ উদ্ধাৰ কৰিব লাগিব : ৬৬ সংখ্যক বৰদলৈ ট্ৰফী উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱাল

bardaloi throphy

বৰদলৈ ট্ৰফী উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

‘‘অসমৰ ফুটবলে দক্ষিণ-পূব এছিয়াৰ ক্ৰীড়াৰ ক্ষেত্ৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্টৰে আত্মপ্ৰকাশ কৰিছিল। সেইবাবে ক্ৰীড়া ক্ষেত্ৰত এইখন টুৰ্ণামেণ্টৰ বিশেষ পৰিচয় আছে। বৰদলৈ ট্ৰফীৰ জনপ্ৰিয়তা বৃদ্ধি কৰা সকলোৰে দায়িত্ব আৰু কৰ্তব্য।’’ আজি গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ৬৬ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্টৰ শুভ উদ্বোধন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে মন্তব্য কৰে।

চৰকাৰী আৰু বেচৰকাৰীভাবে যৌথ প্ৰচেষ্টাৰে বৰদলৈ ট্ৰফীৰ লগতে ক্ৰীড়াৰ জনপ্ৰিয়কৰণৰ বাবে গুৰুত্ব সহকাৰে সকলোৱে কাম কৰিব লাগিব বুলিও সোণোৱালে মন্তব্য কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে এসময়ত সমগ্ৰ অসমতে বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্টৰ অভাৱনীয় জনপ্ৰিয়তা আছিল।

ৰেডিঅ’ৰ জৰিয়তে শৈশৱত বৰদলৈ ট্ৰফীৰ চলন্ত বিৱৰণী শুনাৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি তেখেতে কয় যে এসময়ত বৰদলৈ ট্ৰফীৰ মৰ্যাদা ইমানেই বৃদ্ধি পাইছিল যে দেশৰ আগশাৰীৰ ফুটবল দল ক্ৰমে মোহন বাগান, ইষ্ট বেংগল আৰু মেহমদান স্পৰ্টিঙেও এই প্ৰতিযোগিতাখনত অংশ লৈছিল।

মুখ্য মন্ত্ৰীয়ে বৰদলৈ ট্ৰফীৰ হৃত গৌৰৱ ওভতাই আনিবলৈ যথেষ্ট কৰিব লাগিব বুলি কোৱাৰ লগতে বৰদলৈ ট্ৰফীৰ আয়োজক সকলক বাৰ্ষিক কৰ্মসূচী প্ৰস্তুত সুপৰিকল্পিতভাৱে বৰদলৈ ট্ৰফী জনপ্ৰিয়কৰণৰ উদ্দেশ্যে পদক্ষেপ ল’বলৈ আহ্বান জনায়।

এক্ট ইষ্ট পলিচিৰ সদ ব্যৱহাৰ বাবে তেখেতে অসমক সকলো দিশতে বিকশাই তোলাৰ প্ৰয়োজনীয়াৰ কথা উল্লেখ কৰি কয় যে ক্ৰীড়াৰ জৰিয়তে অসমে আছিয়ান আৰু বিবিএন দেশৰ ১৩ খন ৰাষ্ট্ৰৰ সৈতে সম্পৰ্কৰ নতুন ভেটি গঢ়িব পাৰিব বুলি কয়।

মুখ্য মন্ত্ৰী সোণোৱালে এই সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি বৰদলৈ ট্ৰফীক কেৱল ভাৰতবৰ্ষতে নহয়, সমগ্ৰ দক্ষিণ-পূব এছিয়াতে সুকীয়া পৰিচয়ৰে উজলাই তুলিবলৈ পদক্ষেপ ল’বৰ বাবে আহ্বান জনায়।

৬৬ সংখ্যক বৰদলৈ ট্ৰফীৰ আজিৰ উদ্বোধনী খেলত অংশ গ্ৰহণ কৰে গুৱাহাটী টাউন ক্লাৱ আৰু অসম ৰাজ্যিক বিদ্যুত পৰিষদে।