মাহমৰাত ১০ কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিক ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে মুখ্য মন্ত্ৰীয়ে

77228-nfpnquwqxy-1513958624

মুখ্য মন্ত্ৰী সোণোৱাল। ফাইল ফটো

‘দেশৰ জনসাধাৰণক সুস্থ আৰু সৱল কৰি ৰখাৰ উদ্দেশ্যেৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফিট ইণ্ডিয়া মুভমেণ্টৰ দৰে ৰাষ্ট্ৰীয় কাৰ্য্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্য্যসূচীৰ লগত ক্ৰীড়াৰ এক গভীৰ সম্পৰ্ক আছে। ক্ৰীড়াৰ জৰিয়তে সুস্থ মনৰ অধিকাৰী হ’ব পৰা যায়। আমাৰ নতুন প্ৰজন্মই ক্ৰীড়াক জীৱনৰ অংগ হিচাপে লৈ জীৱনৰ বাটত আগবাঢ়িব লাগিব।’-আজি চৰাইদেউ জিলাৰ মাহমৰাত চিগনেশ্বাৰ প্ৰকল্পৰ অধীনত ১০ কোটি টকা ব্যয় সাপেক্ষে এখন অত্যাধুনিক ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে প্ৰধান মন্ত্ৰী মোদীয়ে খেলো ইণ্ডিয়াৰ জৰিয়তে নতুন প্ৰজন্মক ক্ৰীড়া জগতত শক্তিশালী ভাৱে আগুৱাই নিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰেও ক্ৰীড়াৰ বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰেও ক্ৰীড়াৰ বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

ৰাজ্য চৰকাৰেও ক্ৰীড়াৰ বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে ইতিমধ্যে গুৱাহাটীত কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল সফলতাৰে অনুষ্ঠিত হৈছে  আৰু বিশ্বৰ ক্ৰীড়া প্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও সমৰ্থ হৈছে।

মুখ্য মন্ত্ৰীয়ে লগতে কয় যে গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কাম কৰি আহিছে। আমাৰ ৰাজ্যখনত বহু প্ৰতিভা সম্পন্ন খেলুৱৈ আছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে উপযুক্ত প্ৰশিক্ষণ, অত্যাধুনিক খেলৰ সুবিধা প্ৰদান কৰিব পাৰিলে আমাৰ খেলুৱৈ সকলে বিশ্ব পৰ্যায়ত অধিক সুনাম কঢ়িয়াই আনিব পাৰিব।

মুখ্য মন্ত্ৰীয়ে মুখ্য মন্ত্ৰী গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে ৫০০ খন ষ্টেডিয়াম নিৰ্মাণৰ লক্ষ্য লৈ ইতিমধ্যে কামত অগ্ৰসৰ হৈছে বুলিও কয়।

মাহমৰা সমষ্টিৰ বহু কেইজন খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি সোণোৱালে কয় যে এই এলেকাৰ নৱ প্ৰজন্মই কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আৰু অধিক সফলতা কঢ়িয়াই আনিব লাগিব।

সভাত সাংসদ কামাখ্যা প্ৰসাদ তাছা, তপন কুমাৰ গগৈ, বিধায়ক যোগেন মহন, বিমল বৰা, উপায়ুক্ত দীপক কুমাৰ সন্দিকৈ, চৰাইদেউ জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।