‘সৌভাগ্য’ আঁচনি সময়োচিত ৰূপায়ণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্য মন্ত্ৰীৰ নিৰ্দেশ

ৰাজ্যখনত ৰূপায়িত হৈ থখা অভিলাষী গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনি ‘সৌভাগ্য’ সময় নিৰ্ধাৰিতভাৱে ৰূপায়ণৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শক্তি বিভাগক নিৰ্দেশ দিয়ে।

শনিবাৰে জনতা ভৱনত মুখ্য মন্ত্ৰীৰ সভা কক্ষত আঁচনিখনৰ অগ্ৰগতিৰ পৰ্যালোচনা মূলক বৈঠকত মুখ্য মন্ত্ৰী গৰাকীয়ে শক্তি বিভাগক এই নিৰ্দেশ দিয়ে।

বৈঠকতে মুখ্য মন্ত্ৰী গৰাকীয়ে এই কামত নিয়োজিত হৈ থকা ঠিকাদাৰ সকলক সৱলীকৰণ কৰাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়ে।

লগতে আঁচনিখনৰ দ্ৰুত ৰূপায়ণৰ সময়োচিতভাৱে সম্ভৱ কৰি তুলিবলৈ প্ৰতিখন জিলাতে একোজনকৈ বিষয়া নিয়োগ কৰবিলৈও কয় যাতে দ্ৰুত গতিত কাম সম্পূৰ্ণ হোৱাৰ লগতে প্ৰাত্যহিক অগ্ৰগতিৰ খতিয়ান লাভ কৰিব পৰা যায়।

আনহাতে শনিবাৰৰ পৰ্যালোচনামূলক বৈঠকতে শক্তি বিভাগৰ বিষয়া সকলে মুখ্য মন্ত্ৰীক অৱগত কৰে যে আঁচনিখনৰ অধীনত ইতিমধ্যে ৪৭ লাখ গৃহত বিদ্যুৎ সংযোগ সম্পূৰ্ণ কৰা হৈছে আৰু অন্য ১৪.২৫ লাখ গৃহত বিদ্যুৎ সংযোগৰ কাম বিভিন্ন পৰ্যায়ত আছে।

বৈঠকত শক্তি মন্ত্ৰী তপন কুমাৰ গগৈ, মখ্য সচিব আলোক কুমাৰ, শক্তি বিভাগৰ প্ৰধান সচিব তথা এপি ডি চি এলৰ অধ্যক্ষ জিষ্ণু বৰুৱা, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, এপিডিচিএলৰ পৰিচালন সঞ্চালক পুৰু গুপ্তাকে ধৰি অন্যান্য বিভাগীয় শীৰ্ষ বিষয়া সকল উপস্থিত আছিল।

উল্লেখযোগ্য যে ‘সৌভাগ্য’ আঁচনিৰ জৰিয়তে ২০১৮ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত দেশৰ চহৰ আৰু গ্ৰামাঞ্চলৰ বিপিএল আৰু এপিএল উভয় শ্ৰেণীৰ লোকৰ গৃহতে বিনামূলীয়া বিদ্যুৎ সংযোগৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।