সাৱধান হওঁক, নহ’লে অসমত আকৌ হ’ব পাৰে লকডাউন!

ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই দিলে তাৰেই ইংগিত

lock

ক’ৰ’ণাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি অধিক সাৱধান হওক, কিয়নো ১ লাখৰ দিশে গতি কৰিছে অসমৰ ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যাই।

ক’ৰ’ণা সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে সমগ্ৰ অসমতে দিব পাৰে লকডাউন। তাৰেই এক ইংগিত দিলে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।

সাংবাদিকৰে হোৱা এক মত বিনিময় অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্য সচিবে কয় ‘ৰাজ্যত দিনক দিনে ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। ৰাইজে যদি সাৱধানতা অৱলম্বন নকৰে আৰু কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস নহয়, তেন্তে চৰকাৰে পুনৰ লকডাউন ঘোষণা কৰিবলগীয়া হ’ব পাৰে।”

গুৱাহাটীত ৮০ শতাংশ লোকে মুখত মাস্ক পৰিধান নকৰাকৈ আৰু  সামাজিক ব্যৱধান নামানি বজাৰত ঘুৰি ফুৰিছে বুলি তেওঁ কয়।

সময় থাকোঁতে নিয়ম সঠিকমতে পালন কৰি যাবলৈ ৰাইজক অনুৰোধ জনালে মুখ্য সচিবগৰাকীয়ে।

ইপিনে,অসমত ক’ৰ’ণাত আক্ৰান্ত হৈ ৬০ বছৰৰ উৰ্দ্ধৰ ব্যক্তিৰ লগতে যুৱক-যুৱতীৰো মৃত্যু হোৱা বুলি তেওঁ উল্লেখ কৰে।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰ পৰ্যন্ত ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈছে ৯৮,৮০৭জন লোক।

ইয়াৰে সুস্থ হৈ উঠিছে ৭৯,৩০৭জন লোক। সক্ৰিয় লোকৰ সংখ্যা হৈছে ১৯,২১৯জন লোক আৰু মৃত্যু মুখত পৰিছে ২৭৮ গৰাকী লোক।