NORTHEAST NOW (Assamese)

অতি ভয়ংকৰ!; নিশা মহানগৰীৰ ৰাজপথত পেলনীয়া PPE কিট পিন্ধি এটি শিশু

May 28, 2020 9:34 pm · কল্পজ্য়োতি শইকীয়া

যি সময়ত ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে অতি সচেতনতা অৱলম্বন কৰা হৈছে সেই সময়তে নিশা গুৱাহাটী মহানগৰীৰ উলুবাৰীত ৰাজপথত পেলানীয়া পি পি ই কিট পিন্ধি থকা এটা শিশুৰ বিচৰণৰ দৃশ্যই সকলোকে আতংকিত কৰি তুলিছে।

উলুবাৰী অভাৰ ব্ৰীজৰ তলত স্থানীয় একাংশ ৰাইজে প্ৰত্যক্ষ কৰে শিশুটিক।

স্থানীয় জনতাই শিশুটিক ভালদৰে বুজাই কোৱাৰ পাছতো পেলনীয়া PPE কিট খুলিবলৈ শিশুটি অমান্তি হয়।

পল্টনবজাৰৰ কোনো ডাষ্টবিনৰ পৰা সংগ্ৰহ কৰি শিশুটিয়ে এই পেলনীয়া PPE কিট পৰিধান কৰিছিল বুলি তেওঁ কয়।

পৰৱৰ্তী সময়ত স্থানীয় সচেতন ৰাইজে পল্টনবজাৰ আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ আধাঘণ্টা জোৰা চেষ্টাৰ অন্তত শিশুটিৰ পৰা PPE কিটটো খুলিবলৈ সক্ষম হয়।

এনেবোৰ কাণ্ডই পুনৰবাৰ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বা স্বাস্থ্য কৰ্মীৰ অসাৱধানতাৰ কথা উন্মোচিত কৰিলে।

Related News