ৰাজ্যত দ্বিতীয়টো এনকাউণ্টাৰ: এইবাৰ ওদালগুৰিৰ সমীপত আৰক্ষীৰ গুলীত নিহত শিশু ধৰ্ষণকাৰী

গুৱাহাটীৰ গাড়ীগাঁৱত এগৰাকী কিশোৰীক দলবদ্ধ বলাৎকাৰ কৰা পাঁচ জন অভিযুক্তৰ মাজৰে এজনক যোৱা নিশা আৰক্ষীয়ে গুলীয়াই নিধন কৰাৰ ঘটনাৰ চাঞ্চল্যৰ মাজতে আহিছে আন এক এনকাউণ্টাৰৰ খবৰ।

প্ৰাপ্ত খবৰ অনুসৰি ওদালগুৰিত আৰক্ষীয়ে এজন শিশু ধৰ্ষণকাৰীক গুলীয়াই নিধন কৰিছে।

আৰক্ষীৰ জিম্মাত থকা অভিযুক্ত লোক জনে পলায়নৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে লোক জনক গুলীয়াই আৰু লোকজনৰ থিতাতে মৃত্যু ঘটে।

আৰক্ষীৰ গুলীত নিহত শিশু ধৰ্ষণকাৰী জনৰ নাম ৰাজেশ মুণ্ডা বুলি জানিব পৰা গৈছে।

এটি ৭ বছৰীয়া শিশুক ধৰ্ষণ কৰিছিল ৰাজেশ মুণ্ডাই।

মঙলবাৰে নিশা ১ বজাত লালপানী আৰু মাজবাট আৰক্ষীৰ এনকাউন্টাৰত নিহত হয় ধৰ্ষণকাৰী ৰাজেশ মুণ্ডা।

১০ মাৰ্চত ওচৰৰে বিবাহ অনুষ্ঠানলৈ যোৱাৰ পিছৰে পৰা অন্তৰ্ধান হৈ আছিল সাত বছৰীয়া শিশুটি।

১১ মাৰ্চত ধনশ্ৰী চাহবাগিচাৰ শ্মশানত উদ্ধাৰ হৈছিল শিশুটিৰ মৃতদেহ। ঘটনাৰ পিছতে আত্মগোপন অৱস্থাত আছিল ৰাজেশ মুণ্ডা।

আৰক্ষীৰ তদন্তত চিনাক্ত হৈছিল ধৰ্ষণকাৰী।

মঙলবাৰে চাংসাৰীৰ এটা লোহা ফেক্টৰীৰ পৰা লালপানী আৰক্ষীয়ে ধৰি আনিছিল ৰাজেশ মুণ্ডাক।

নিশা ঘটনাস্থলীলৈ নি থাকোতে আৰক্ষীৰ গাড়ীৰ পৰাই জাঁপমাৰি পলায়নৰ চেষ্টা চলাওতে আৰক্ষীৰ এন্টাকাউন্টাৰত নিহত হয় ধৰ্ষণকাৰী মুণ্ডা।

মাজবাটৰ ধনশ্ৰী বাগিচাৰ শ্মশানত উদ্ধাৰ হৈছিল শিশুটিৰ মৃতদেহ।

আৰক্ষীয়ে অভিযান চলাই ৰাজেশক গ্ৰেপ্তাৰ কৰিছিল আৰু ঘটনাস্থলীলৈ নিয়াৰ সময়তে মাজবাটৰ লালপানীত ৰাজেশে পলাবলৈ চেষ্টা কৰে। ফলত আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয়।