উত্তৰ-পূৱত চলি আছে শিশু সৰবৰাহৰ বৃহৎ ৰেকেট। ডিমাপুৰৰ পৰা এগৰাকী ৯ বছৰীয়া নাবালিকাক অপহৰণ কৰি অৰুণাচল প্ৰদেশত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে।
দেওবাৰে নিশা এই ঘটনাৰ লগত জড়িত দুজন অভিযুক্তক ডিফুৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
সূত্ৰ অনুসৰি, নগাঁৱৰ কামপুৰৰ নিতু নাথ আৰু মমতাজ বেগম ওৰফে প্ৰতিমা ৰাজবংশী এহাল দম্পতীয়ে জুলাই মাহত ডিমাপুৰৰ আলম আনছাৰী নামৰ এজন লোকৰ কাষ চাপিছিল ভাড়াঘৰ বিচাৰি।
আলমে দম্পতীহালক ঘৰৰ মালিকৰ লগত চিনাকি কৰাই দি থকাৰ ব্যৱস্থা নিশ্চিত কৰাত সহায় কৰিছিল।
কিছুদিন পিছত দম্পতীহালে বোকাজানৰ পৰা কিছু সামগ্ৰী কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত আলমৰ সহায় বিচাৰিলে। তেওঁলোকক বিশ্বাস কৰি আলমে নিজৰ ৯ বছৰীয়া কন্যাক দম্পতীহালৰ লগত যাবলৈ অনুমতি দিলে।
অৱশ্যে শিশুটিক লৈ কেতিয়াও উভতি নাহিল দম্পতীহাল।
কেইবাদিনো অভিযান চলোৱাৰ অন্তত আলমে যোৱা ৩ জুলাইত ডিমাপুৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত ডিমাপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্তই ডিফুৰ অধীনত থকা ৰংনিহাং পথাৰত আত্মগোপন কৰি থকাৰ বিশ্বাসযোগ্য চোৰাংচোৱা তথ্য লাভ কৰে।
শনিবাৰে ডিমাপুৰ মহিলা আৰক্ষীয়ে ডিফু আৰক্ষীৰ সমন্বয়ত অভিযান চলাই নিতু নাথ আৰু মমতাজ বেগম দুয়োকে গ্ৰেপ্তাৰ কৰে।
জেৰাৰ সময়ত এই দম্পতীহালে নাবালক নাবালিকাগৰাকীক অৰুণাচল প্ৰদেশত বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰে।
ডিমাপুৰ মহিলা আৰক্ষীয়ে এতিয়া অৰুণাচল প্ৰদেশ আৰক্ষীৰ সৈতে যোগাযোগ কৰি শিশুটিক উদ্ধাৰ কৰে।