ইৰাণৰ শান্তিৰ নোবেল বঁটা বিজয়ী কাৰাবন্দী নাৰ্গিছ মহম্মদীৰ হৈ বঁটা গ্ৰহণ কৰিলে দুই যমজ সন্তানে
ইৰাণৰ কাৰাবন্দী নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীৰ হৈ তেওঁৰ দুই সন্তানে শান্তিৰ নোবেল বঁটা গ্ৰহণ কৰিছে। নৰৱেৰ অছলোত অনুষ্ঠিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। ইৰাণৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ স্বীকৃতি স্বৰূপে এইবাৰ শান্তিৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত হৈছিল ৫১ বছৰীয়া নাৰ্গিছ মহম্মদী।
নৰ্গিছৰ ১৭ বছৰীয়া দুই যমজ সন্তান কিয়ানা ৰহমানী আৰু আলী ৰহমানীয়ে নোবেল বঁটা প্ৰদান অনুষ্ঠানত কাৰাবন্দী মাতৃৰ লিখিত বক্তব্য পাঠ কৰে।
ইৰাণৰ ইভিন কাৰাগাৰৰ পৰা নাৰ্গিছে লিখা ভাষণত কোৱা হৈছে যে তেওঁ কাৰাগাৰৰ কদৰ্য পৰিবেশৰ পৰাই কথাখিনি উত্থাপন কৰিছে। তেওঁৰ দৰে ইৰাণৰ বহু মানৱ অধিকাৰ কৰ্মীয়েও জীয়াই থকাৰ বাবে অহৰহ সংগ্ৰাম কৰি আছে। জনসমৰ্থন আৰু বৈধতা হেৰুৱাই পেলোৱা ইৰাণ চৰকাৰে দেশখনৰ ওপৰত জাপি দিয়া স্বৈৰাচাৰী শাসন ব্যৱস্থাক ইৰাণৰ জনসাধাৰণে পৰাস্ত কৰিব।
লগতে পঢ়কঃ চাণক্য নীতি! এই ভৰসাত বহি থাকিলে মানুহ হৈ পৰে ধ্বংস; ইকুলো নাপায়, সিকুলো নাপায়
২০১০ চনৰ পৰা কাৰাগাৰত বন্দী হৈ আছে নাৰ্গিছ। এই পৰ্যন্ত তেওঁক ১৩ বাৰ গ্ৰেপ্তাৰ কৰা হৈছে। পাঁচবাৰ দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁক ৩১ বছৰৰ কাৰাদণ্ড বিহা হয়। যোৱা অক্টোবৰ মাহত তেওঁ লাভ কৰিছিল নোবেল বঁটা। ইৰাণী কিশোৰী মাছা আমিনিৰ মৃত্যুৰ এবছৰৰ পাছত নৰ্গিছে শান্তিৰ নোবেল বঁটা লাভ কৰে।
২০০৩ চনত শান্তিৰ নোবেল বঁটা লাভ কৰা শ্বিৰিন এবাদীৰ ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটছ চেণ্টাৰৰ ভাইচ-প্ৰেছিডেন্টৰ দায়িত্বত আছে নাৰ্গিছ। এতিয়ালৈকে নাৰ্গিছকে ধৰি ১৯ গৰাকী মহিলাই লাভ কৰিছে নোবেল বঁটা। নাৰ্গিছ হৈছে পঞ্চমগৰাকী নোবেল বঁটা বিজয়ী, যিয়ে কাৰাগাৰত থকাৰ সময়তে এই বঁটা লাভ কৰিছে।