NORTHEAST NOW (Assamese)

অন্ধবিশ্বাস! ভূতৰ ভয়ত ভাঙি পেলোৱা হ’ল উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাৰ মৃতদেহ ৰখা বিদ্যালয়

June 11, 2023 6:39 pm · এন ই নাও নিউজ, গুৱাহাটী

অন্ধবিশ্বাসৰ কবলৰ পৰা আজিও পৰিত্ৰাণ পোৱা নাই ভাৰতীয় শিক্ষিত সমাজে। ডিগ্ৰী অৰ্জন কৰি শিক্ষিতৰ নাম ল’লেও যেন দেশৰ একাংশ লোক আজিও যুক্তি আৰু বিজ্ঞান শিক্ষাৰে প্ৰগতিশীল হ’ব পৰা নাই। এই কথাকেই প্ৰতীয়মান কৰিলে শেহতীয়াকৈ উৰিষ্যাৰ ভয়ানক ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ মৃতদেহ ৰখা এখন বিদ্যালয় ভাঙি দিয়াৰ ঘটনাই।

ভূত-প্ৰেতৰ ভয়ত ভাঙি পেলোৱা হ’ল উৰিষ্যাৰ ক’ৰ’মণ্ডল ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ মৃতদেহ ৰখা বাহানাগাৰ এখন বিদ্যালয়।

ৰে’ল দুৰ্ঘটনাটোৰ পিছতেই বাহানাগা বজাৰ ষ্টেচনৰ সমীপৰ বাহানাগা হাইস্কুলক অস্থায়ী মৰ্চাৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল। বগা কাপোৰেৰে ঢাকি থোৱা মৃতদেহৰ স্তূপেৰে বিদ্যালয়খনৰ শ্ৰেণীকোঠাবোৰ ভৰি পৰিছিল। ঘটনা সংঘটিত হোৱাৰ নিশাৰ পৰা পিছৰ দুদিনলৈকে মৃতদেহসমূহ বিদ্যালয়খনত ৰখা হৈছিল। ফলত গোটেই বিদ্যালয়খনতে মৃতলোকৰ তেজ বৈ গৈছিল। ইতিমধ্যে গোটেই বিদ্যালয় চৌহদ তেজৰ দাগেৰে আৱৰি ধৰিছে। এই ভয়ানক স্মৃতিৰ বাবে বিদ্যালয় ভাঙি পেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে।

আন এক খবৰ অনুসৰি ভূত-প্ৰেমত ভয়ত বহু স্থানীয় লোকে বিদ্যালয়খন ভাঙি পেলোৱাৰ পোষকতা কৰিছে।

Related News