ডুবন্ত পাকিস্তানৰ ত্ৰাণকৰ্তাৰ ৰূপত চীন! ৭০ কোটি ডলাৰ ঋণ দিব চীনে

পাকিস্তানক ৭০ কোটি ডলাৰৰ ঋণ দিবলৈ অনুমোদন জনাইছে চীনে। এই ধনৰাশি চলিত সপ্তাহতে পাকিস্তানৰ কেন্দ্ৰীয় বেংকলৈ হস্তান্তৰ কৰা হ’ব। বুধবাৰে পাকিস্তানৰ বিত্তমন্ত্ৰী ইছহাক দাৰে এই তথ্য সদৰী কৰে।

পাকিস্তানৰ নেচনেল এছেম্বলী তথা সংসদত ঐকমত্যৰে বিত্ত বিধেয়কখন গৃহীত হোৱাৰ এদিনৰ পাছতে চীন ডেভেলপমেণ্ট বেংকৰ পৰিচালনা সমিতিয়ে এই ঘোষণা কৰে৷ ইফালে পাকিস্তানৰ সংসদত কৰ ৰাজহ বৃদ্ধিৰ উদ্দেশ্যেৰে নতুন বিত্তীয় বিধেয়কখন গৃহীত কৰা হৈছে। আৰ্থিক সাহায্য সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ বিভিন্ন চৰ্ততো এই কথা অন্তৰ্ভুক্ত কৰা হৈছে।

বিত্তমন্ত্ৰী দাৰে কয় যে চীন ডেভেলপমেণ্ট বেংকৰ সৈতে সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ হৈছে আৰু এই ধন পাকিস্তানৰ ষ্টেট বেংকলৈ হস্তান্তৰ কৰা হ’ব।

তেওঁ টুইটাৰত লিখিছে, ‘চাইনা ডেভেলপমেণ্ট বেংকৰ পৰিচালনা সমিতিয়ে ৭০ কোটি ডলাৰৰ ঋণৰ অনুমোদন জনাইছে। এই সপ্তাহত ষ্টেট বেংক অৱ পাকিস্তানে এই ধন লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত বৃদ্ধি পাব।’

এক প্ৰতিবেদন অনুসৰি পাকিস্তানৰ ওপৰত চীনৰ ঋণ সৰ্বাধিক। পাকিস্তান চলিত ঋণৰ ৩০ শতাংশ ঋণ হৈছে কেৱল চীনৰ পৰা লোৱা ঋণ। এনে পৰিস্থিতিত চীনৰ পৰা লোৱা নতুন ঋণেৰে পাকিস্তানৰ সমস্যাসমূহ সময়ৰ বাবে দূৰ কৰিব পৰা যাব বুলি পাকিস্তান চৰকাৰে আশা কৰিছে।

কিন্তু, এয়া সাময়িক সকাহে, কিছুদিনৰ পাছত পাকিস্তান দেউলীয়া হ’ব অৰ্থাৎ বিত্তীয় সংকটৰ সৃষ্টি হ’ব পাৰে বুলিও আশংকা কৰা হৈছে। এনে পৰিস্থিতিত পাকিস্তানে কেনেকৈ বিত্তীয় সংকটৰ পৰা ৰক্ষা পৰে সেয়া লক্ষণীয় হ’ব। দেশখনে এক দীৰ্ঘম্যাদী সুৰক্ষিত বিত্তীয় নীতি অবিহনে সংকট মোচন কৰাটো সম্ভৱ নহয় বুলিও কোৱা হৈছে।