জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! চীনত এদিনতে কোভিডত আক্ৰান্ত ৩১ হাজাৰ; বেছিভাগেই উপসৰ্গহীন

কৰোনাভাইৰাছ সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাই। বৰঞ্চ চীনত কোভিডৰ ঘটনাই পুনৰ ভাবুকিৰ সৃষ্টি কৰিছে। বৰ্তমানৰ দৈনিক সংক্ৰমণে মহামাৰীৰ আৰম্ভণিৰ সময়ৰ সংক্ৰমণৰ ৰেকৰ্ড স্পৰ্শ কৰিছে। বুধবাৰে দেশখনত ৩০ হাজাৰৰো অধিক লোক কৰোনা সংক্ৰমিত হৈছিল। দেশখন লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সময়তে নতুন সংক্ৰমণ বৃদ্ধিৰ বিষয়টোত উদ্বেগ বৃদ্ধি পাইছে।

বৃহস্পতিবাৰে প্ৰকাশিত পৰিসংখ্যাই পুনৰ উদ্বেগ বৃদ্ধি পাইছে। কিয়নো বুধবাৰে চীনত মুঠ ৩১,৪৫৪ জন লোক কোভিড-১৯ আক্ৰান্ত বুলি ধৰা পৰিছিল। তেওঁলোকৰ বেছিভাগেই উপসৰ্গহীন। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য ব্যুৰোৰ মতে, ইয়াৰ ভিতৰত ২৭,৫১৭ জন ৰোগীৰ কৰোনাৰ কোনো লক্ষণ নাছিল।

লগতে পঢ়ক: বিমানৰ পিছত এইবাৰ বটলৰ পানী! টাটাই ৭,০০০ কোটি টকাত ক্ৰয় কৰিছে বিছলেৰী

ইয়াৰ পূৰ্বে, এই বছৰৰ এপ্ৰিল মাহৰ মাজভাগত কৰোনাৰ  দৈনিক সংক্ৰমণ ২৯,৩৯০ লৈ বৃদ্ধি হৈছিল। তাৰপিছত এই প্ৰথমবাৰৰ বাবে দৈনিক সংক্ৰমণ ইমান বৃদ্ধি পাইছে।

চীনৰ মুঠ জনসংখ্যা ১৪০ কোটিতকৈও অধিক। ইয়াৰ তুলনাত বহুলোকে ভাবে যে দৈনিক সংক্ৰমণ বৰ ভয়ানক নহয়। কিন্তু দেশৰ বহু ঠাইত মহামাৰীৰ ওপৰত এতিয়াও কঠোৰ প্ৰতিবন্ধকতা আছে। বেইজিঙতো কঠোৰ নিষেধাজ্ঞা আছে। সেয়েহে, এদিনত ৩০ হাজাৰৰো অধিক লোকৰ সংক্ৰমণৰ ফলত সাধাৰণ লোকসকলে কামকাজ পুনৰ বন্ধ হ’ব পাৰে বুলি শংকাত ভুগি আছে।

কৰোনা সংক্ৰমণৰ ফলত উদ্ভৱ হোৱা মহামাৰীৰ পৰিস্থিতিয়ে তিনি বছৰৰ ম্যাদ সম্পূৰ্ণ কৰিবলৈ গৈ আছে। ইয়াৰ পাছতো চীনৰ নাগৰিকসকল লকডাউন আৰু নিভৃতবাস উঠাই নোলোৱাৰ বাবে হতাশ হৈ পৰিছে। ফলস্বৰূপে, ঠাই বিশেষে প্ৰতিবাদ আৰু বিক্ষোভ আৰম্ভ হৈছে। যদি এয়া অব্যাহত থাকে সকলোৱে আশংকা কৰে যে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতিৰ উৎপাদন ক্ষমতা পুনৰ ধ্বংস হ’ব পাৰে।

লগতে পঢ়ক: অসমলৈ প্ৰব্ৰজনৰ শংকা! মিজোৰামত কুকি-চিন বাংলাদেশী শৰণাৰ্থী; কেন্দ্ৰীয় চৰকাৰ নীতি কি?

এই শংকা একেবাৰে ভিত্তিহীন নহয় বুলি ইংগিতত পোৱা গৈছে। দীঘলীয়া নিষেধাজ্ঞাৰ বাবে উৎপাদনৰ বাবে বেইজিঙৰ ওপৰত নিৰ্ভৰশীল বহুতো আন্তঃৰাষ্ট্ৰীয় কোম্পানী চীনৰ পৰা আঁতৰি গৈছে। যাৰ বাবে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে দেশখন।