• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতক অস্বস্তিত পেলাই ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে আগবাঢ়িছে চীনে!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2021 12:39 pm
a-maxresdefault-750x375

প্ৰতিনিধিত্বমূলক ফটো।

589
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি বিদ্যুৎ উৎপাদনৰ পৰিকল্পনা চূড়ান্ত কৰিছে চীনে। এই বাতৰিয়ে এতিয়া ভাৰত আৰু চীনৰ মাজত নতুন সংঘাতৰ সৃষ্টি কৰাৰ শংকা বৃদ্ধি পাইছে।

সোমবাৰে তিব্বতৰ কমিউনিষ্ট পাৰ্টিয়ে চীনে শীঘ্ৰেই এই কাম আৰম্ভ কৰা উচিত বুলি জনাই দিছে। যোৱা সপ্তাহতেই চীনৰ পঞ্চবাৰ্ষিক পৰিকল্পনাত এই জলবিদ্যুৎ প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছে।

ব্ৰহ্মপুত্ৰৰ ওপৰৰ গতিপথত বান্ধ নিৰ্মাণ কৰিলে ভাৰতত জলসংকট সৃষ্টি হ’ব পাৰে আৰু অসম তথা অৰুণাচলত প্ৰবল বানপানী আৰু কৃষিকৰ্ম বিপৰ্যস্ত হৈ পৰাৰ আশংকা আছে।

যোৱা ফেব্ৰুৱাৰিত সংসদত কেন্দ্ৰীয় বৈদেশিক ৰাজ্যমন্ত্ৰী ভি মুৰলীধৰণে দেশৰ স্বাৰ্থ আগত ৰাখি ব্ৰহ্মপুত্ৰকে ধৰি চীনৰ পৰা ভাৰতলৈ অহা নদীসমূহক লৈ বেইজিঙৰ সৈতে কূটনৈতিক পৰ্যায়ত আলোচনা চলা বুলি জানিবলৈ দিছিল।

চীনৰ ফালৰ পৰা বাৰে বাৰে আশ্বস্ত কৰিবলৈ চেষ্টা কৰি অহা হৈছে যে এই বান্ধ নিৰ্মাণ প্ৰকল্পই কোনোধৰণে ভাৰতৰ ক্ষতি নকৰে। নদীৰ গতিপথ সলনি কৰাৰ কোনো পৰিকল্পনা তেওঁলোকৰ নাই বুলিও কৈ অহা হৈছে।

তথাপি ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ কাৰ্যকলাপ সন্দৰ্ভত তীক্ষ্ণ দৃষ্টি ৰাখিছে ভাৰতে।

যোৱা বছৰ লাডাখ সীমান্তত চীনৰ আগ্ৰাসননলৈ দেশ দুখনৰ মাজত অৱনতি ঘটা সম্পৰ্কৰ পাছত বহু পানী ঘোলা হ’ল। বহু আলোচনা-বিলোচনাৰ পাছত অৱশেষত নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ পৰা দেশ দুখনে সেনা অঁতৰাই নিয়াৰ সিদ্ধান্ত লয়।

ইয়াৰ মাজতে পুনৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নদীবান্ধ নিৰ্মাণৰ বিষয়টোৱে দেশ দুখনৰ  মাজত সম্পৰ্কৰ অৱনতি ঘটোৱাৰ সম্ভাৱনাই দেখা দিছে।

Recent News

জন্ম পালে বিশ্বৰ আটাইতকৈ বয়সীয়াল সন্তান! ৩০ বছৰীয়া নৱজাতকে কোলা শুৱনি কৰিলে দম্পতীৰ

জন্ম পালে বিশ্বৰ আটাইতকৈ বয়সীয়াল সন্তান! ৩০ বছৰীয়া নৱজাতকে কোলা শুৱনি কৰিলে দম্পতীৰ

ইলন মাস্কৰ টেছলাক ২৪৩ মিলিয়ন ডলাৰ জৰিমনা

ইলন মাস্কৰ টেছলাক ২৪৩ মিলিয়ন ডলাৰ জৰিমনা

ভাৰতৰ মানচিত্ৰৰ পৰা অন্তৰ্ধান হ’ব পাৰে হিমাচল প্ৰদেশ! বাৰম্বাৰ হোৱা বানপানী আৰু ভূমিস্খলনৰ বাবে আশংকা উচ্চতম ন্যায়ালয়ৰ

ভাৰতৰ মানচিত্ৰৰ পৰা অন্তৰ্ধান হ’ব পাৰে হিমাচল প্ৰদেশ! বাৰম্বাৰ হোৱা বানপানী আৰু ভূমিস্খলনৰ বাবে আশংকা উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰখাৰ ষড়যন্ত্ৰ! ভোটাৰ তালিকাৰ পৰা বাদ পৰিল তেজস্বী যাদৱৰ নাম

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰখাৰ ষড়যন্ত্ৰ! ভোটাৰ তালিকাৰ পৰা বাদ পৰিল তেজস্বী যাদৱৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd