সমুখ সমৰত চীন-আমেৰিকাৰ! : ট্ৰাম্প প্ৰশাসনে এছিয়াত বৃদ্ধি কৰিব মাৰ্কিন সেনাৰ মোতায়েন

“ভাৰতে বুজা উচিত, আমেৰিকা কোনোদিন ভাৰতৰ ভাল বন্ধু হ’ব নোৱাৰে।” চীন

index.jpg78

মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে বৈদেশিক সচিব মাইক পাম্পেউ

পুনৰ চীনক আক্ৰমণ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই।

এইবাৰ চীনক বিশ্বৰ নতুন বিপদ বুলি আখ্যা দিছে আমেৰিকা যুক্তৰাষ্ট্ৰই।

চীনক বিশ্বৰ নতুন বিপদ বুলি বৰ্ণনা কৰি ড’নাল্ড ট্ৰাম্প প্ৰশাসনে এছিয়া মহাদেশত মাৰ্কিন সেনাৰ মোতায়েন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মাৰ্কিন বৈদেশিক সচিব মাইক পাম্পেউ-এ কয় যে ইউৰোপৰ জাৰ্মানীস্থিত মাৰ্কিন সেনাৰ প্ৰধান ঘাটিৰ পৰা সেনা বাহিনীক নি এছিয়াত মোতায়েন কৰা হ’ব।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এই তৎপৰতা দেখি চীনে ভাৰতক লক্ষ্য কৰি টিপ্পনি এৰাৰ পৰিলক্ষিত হৈছে।

“ভাৰতে বুজা উচিত, আমেৰিকা কোনোদিন ভাৰতৰ ভাল বন্ধু হ’ব নোৱাৰে।” চীনৰ চৰকাৰী মুখত্ৰত এইদৰে কোৱা হৈছে।

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজেপয়ীৰ উপদেষ্টা সুধীন্দ্ৰ কুলকাৰ্ণীৰ উদ্ধৃতি দি বেইজিঙৰ চৰকাৰী সংবাদ পত্ৰই কৈছে, “আমেৰিকাৰ উচটনিত ভাৰতে চীনৰ সৈতে সম্পৰ্ক তিক্ত কৰাটো উচিত হোৱা নাই।”

জাৰ্মান মাৰ্শ্বাল ফ’ল্ডৰ ভাৰ্চুৱেল সন্মিলন ব্ৰাচেলছ ফ’ৰাম-২০২০ৰ বক্তৃতাত ট্ৰাম্প প্ৰশাসনৰ নতুন আঞ্চলিক সামৰিক দৃষ্টিভংগী ব্যাখ্যা কৰি মাৰ্কিন বৈদেশিক সচিব গৰাকীয়ে চীনক বিশ্বৰ নতুন বিপদ বুলি কৈ তীব্ৰ সমালোচনা কৰে।

তেওঁ আৰু কয়, “এখন দেশৰ সামৰিক আগ্ৰাসনে ভাৰত, মালয়েছিয়া, ভিয়েটনাম, দক্ষিণ চীন সাগৰ, ইন্দোনেছিয়া আৰু ফিলিপাইনছলৈ বিপদ কঢ়িয়াই আনিছে। হয়, মই কমিউনিষ্ট চীনৰ কথাকে কৈছো।”

বিশ্বত কোভিড১৯ বিয়পোৱাৰ বাবেও মাৰ্কিন বৈদেশিক সচিব গৰাকীয়ে পুনৰ চীনক আক্ৰমণ কৰে।

ইফালে চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মি(পিপিএ)ৰ প্ৰত্যাহ্বান মোকাবিলা কৰিব পৰাকৈ মাৰ্কিন সামৰিক বাহিনীৰ আন্তঃগাঠনি পুনৰ বিন্যাসৰ সিদ্ধান্তও বিবেচনা কৰা হৈছে বুলি সদৰী কৰিছে পাম্পেউ-এ।

উল্লেখ্য যে, ইউৰোপৰ মাৰ্কিন সেনাৰ প্ৰধান ঘাটি আছে জাৰ্মানীত। তাৰ পৰাই পশ্চিম এছিয়াৰ বিভিন্ন স্থানলৈ মাৰ্কিন সেনাক প্ৰেৰণ কৰা হয়।

পাম্পেউৰ মতে জামানীৰ প্ৰধান ঘাটিত ৫২ হাজাৰ পৰা ২৫ হাজাৰলৈ মাৰ্কিন সেনাৰ পৰিমাণ হ্ৰাস কৰা হৈছে। এছিয়াৰ যিবোৰ অঞ্চলত কম পৰিমাণৰ মাৰ্কিন সেনা আছে সেইবোৰ অঞ্চলত তাৰ পৰাই অতিৰিক্ত সেনা মোতায়েন কৰা হ’ব।

উল্লেখ্য যে, বৈৰী ৰাষ্ট্ৰ ৰাছিয়াৰ সমাৰকি শক্তিক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে জাৰ্মানীত মাৰ্কিন সেনাৰ প্রধান ঘাটি স্থাপন কৰিছিল আমেৰিকাই।

কিন্তু পাম্পেউ-এ স্পষ্টভাৱে কয় যে, বৰ্তমান ৰাছিয়াতকৈ চীনৰ পিপিএক প্ৰধান শত্ৰুৰূপে মাৰ্কিন চৰকাৰে চিহ্নিত কৰিছে।

লাডাখ সীমান্তৰ গালৱানৰ ভাৰত-চীনৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত দুয়ো দেশকে সংযত হ’বলৈ আহ্বান জনায়ো চীনক আক্ৰমণ কৰি পাম্পেউ-এ কয়, “কমিউনিষ্ট চীনৰ আগ্ৰাসী মনোভাৱৰ বাবেই ভাৰতৰ সৈতে সীমান্তত উত্তেজনাৰ সৃষ্টি হৈছে।”