NORTHEAST NOW (Assamese)

ট্ৰাম্পৰ শুল্ক নীতিৰ হেঁচাত বাণিজ্য সহযোগিতাৰ প্ৰচেষ্টা! ভাৰতীয় সামগ্ৰীৰ আমদানি বৃদ্ধিৰ প্ৰতিশ্ৰুতি চীনৰ

April 19, 2025 11:12 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 19, 2025 11:14 am

বিগত বছৰ ৰাছিয়াত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠকৰ পিছৰে পৰা ভাৰত আৰু চীনৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নত হৈছে বুলি ক’ব পাৰি। শেহতীয়াকৈ চীনে ঘোষণা কৰিছে যে তেওঁলোকে চীনা বজাৰৰ বাবে উপযোগী ভাৰতীয় সামগ্ৰীৰ আমদানি বৃদ্ধি কৰিব। নতুন দিল্লীত থকা চীনৰ ৰাষ্ট্ৰদূত জু ফেইহঙে এই প্ৰতিশ্ৰুতি দিয়াৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতিৰ সমালোচনা কৰি কয় যে, চীন আৰু ভাৰত যিকোনো আধিপত্যবাদী নীতিৰ বিৰোধী।ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্ক জোৰদাৰ কৰি ট্ৰাম্পৰ নীতিৰ বিৰুদ্ধে একেলগে যুঁজিবলৈ চীন প্ৰস্তুত বুলি মত প্ৰকাশ কৰে।

ভাৰতীয় কোম্পানীসমূহে কম খৰচী বৈদ্যুতিক উপাদানৰ পৰা বিভিন্ন উদ্যোগৰ কেঁচামালৰ যোগানৰ বাবে চীনৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। কিন্তু, যোৱা কেইবছৰৰ তথ্যই দেখুৱাইছে যে ভাৰতে চীনৰ পৰা আমদানিৰ তুলনাত চীনলৈ ৰপ্তানি তেনেকৈ বৃদ্ধি কৰিব পৰা নাই। যোৱা বিত্তীয় বৰ্ষত ভাৰতৰ চীনৰ সৈতে বাণিজ্য ঘাটি প্ৰায় ৯৯.২ বিলিয়ন ডলাৰ (প্ৰায় ৮.৫ লাখ কোটি টকা) আছিল।

গ্ল’বেল ট্ৰেড ৰিচাৰ্চ ইনিচিয়েটিভৰ প্ৰতিবেদন অনুসৰি, চীনৰ কঠোৰ নিয়ন্ত্ৰণ নীতি, উচ্চ শুল্ক, আৰু বজাৰৰ বাধাৰ বাবে ভাৰতৰ ৰপ্তানি বৃদ্ধিৰ পথত বাধাৰ সৃষ্টি হৈছে। ভাৰতীয় কোম্পানী এটাই চীনত পঞ্জীয়নৰ বাবে ২-৩ বছৰ সময় লাগে আৰু কঠোৰ পৰীক্ষাৰ মাজেৰে পাৰ হ’বলগীয়া হয়, যিয়ে ৰপ্তানি প্ৰক্ৰিয়াক জটিল কৰি তোলে।

ফেইহঙে কয় যে চীনৰ বজাৰৰ বাবে উপযোগী ভাৰতীয় সামগ্ৰীৰ আমদানি সহজ কৰাৰ বাবে তেওঁলোক পদক্ষেপ ল’ব। তেওঁ চলিত বৰ্ষৰ শেষৰ ফালে চীনত অনুষ্ঠিত হ’বলগীয়া শ্বাংহাই সহযোগিতা সংস্থাৰ সন্মিলনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনোৱাৰ কথাও উল্লেখ কৰে। ইয়াৰ উপৰি, তেওঁ দাবী কৰে যে দুয়োখন দেশে আলোচনাৰ জৰিয়তে সীমান্ত সমস্যা সমাধানৰ দিশতো অগ্ৰগতি লাভ কৰিছে, যি দুয়োপক্ষৰ বাণিজ্যিক সহযোগিতাক আৰু শক্তিশালী কৰিব।

Related News