কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাত ইয়াৰ প্ৰতিৰোধৰ বাবে চীনৰ ছানজি প্ৰদেশৰ ৰাজধানী জিয়ান চহৰত লকডাউন ঘোষণা কৰা হৈছে।
বাতৰি অনুসৰি, চহৰখনৰ প্ৰশাসনে ইয়াৰ বাসিন্দাসকলক জৰুৰী প্ৰয়োজন অবিহনে ঘৰতে সোমাই থকাৰ নিৰ্দেশনা জাৰি কৰিছে।
নিৰ্দিষ্ট সেৱাৰ বাহিৰে চহৰখনৰ পৰিবহন ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে। এই লকডাউনৰ ফলত চহৰখনৰ প্ৰায় ১কোটি ৩০লাখ লোক গৃহবন্দী হৈ পৰিছে।
উল্লেখ্য যে চীনত শীতকালীন অলিম্পিক অনুষ্ঠিত হ’বলৈ আৰু কেই সপ্তাহমান থকাৰ পূৰ্বে জাৰি কৰা এই লকডাউনৰ খৱৰে স্বাভাৱিকতে উদ্বেগৰ সৃষ্টি কৰিছে।
Also Read: TikTok surpasses Google চলিত বছৰত আটাইতকৈ জনপ্ৰিয় ৱেবছাইট হিচাপে Google ক অতিক্ৰম TikTokৰ
পুনৰ নতুন নিৰ্দেশনা নিদিয়ালৈ চহৰখনৰ এটি পৰিয়ালৰ এজন সদস্যই দুদিনৰ মূৰত অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে বাহিৰলৈ ওলাব পাৰিব।
বাতৰি অনুসৰি, বিগত ২৪ ঘন্টাত জিয়ান চহৰখনত নতুনকৈ ৬৩জন লোকৰ দেহত কোভিড-১৯ ধৰা পৰিছে। সেইদৰে দেশখনৰ প্ৰসিদ্ধ চহৰখনত আক্ৰান্তৰ সংখ্যা ২১১জনলৈ বৃদ্ধি পাইছে।