মংগল গ্ৰহত সফল অৱতৰণ কৰিলে চীনে পঠিওৱা ৰ’ভাৰ, আমেৰিকাৰ স’তে প্ৰযুক্তিৰ প্ৰতিযোগিতা আৰম্ভ!

সাত মাহ মহাকাশ ভ্ৰমণ, তিনি মাহৰ প্ৰদক্ষিণ আৰু ‘ন মাহৰ সন্ত্ৰাস’ৰ অন্তত মংগলগ্ৰহত এখন ‘ৰভাৰ’ অৱতৰণ কৰা বিশ্বৰ তৃতীয়খন দেশ হিচাপে পৰিগণিত হ’ল চীন।

দেশখনৰ মহাকাশ গৱেষণা সংস্থা ‘দ্যা চাইনা নেচনেল স্পেছ এডমিনিষ্ট্ৰেছন’-এ (CNSA) এটা বিবৃতিত কয় যে সংস্থাটোৰ ৰ’ভাৰ ‘ঝু ৰং’ (Zhu Rong) শনিবাৰে ৰঙাগ্ৰহটোত সফলভাৱে অৱতৰণ কৰিছে।

উল্লেখযোগ্য যে ৰ’ভাৰখনৰ নামটো চীনৰ পুৰাকথাত বৰ্ণিত অগ্নি আৰু যুদ্ধৰ দেৱতাৰ নামেৰে নামাংকৃত হৈছে।

বিবৃতিটোত জনোৱামতে মঙলগ্ৰহৰ দক্ষিণ অঞ্চলত থকা পূৰ্বনিৰ্ধাৰিত ইউটোপিয়ান প্লেইনত ৰ’ভাৰখনে অৱতৰণ কৰিছে।

ৰ’ভাৰখনে অৱতৰণ কৰাৰ পাছতে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত গোলকীয় প্ৰযুক্তিৰ প্ৰতিযোগিতাৰ সূচনা হ’ল।

যদি ‘ঝু ৰং’-এ অনাগত ৯০ দিনৰ ভিতৰত মঙলপৃষ্ঠৰ তথ্য সংগ্ৰহ কৰি চীনৰ মহাকাশ সংস্থালৈ প্ৰেৰণ কৰিব কৰিব পাৰে, তেনেহ’লে এইক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পাছতে দেশখনে দ্বিতীয়খন দেশ হিচাপে পৰগণিত হ’ব।

উল্লেখযোগ্য যে ১৯৭১ চনত ছোভিয়েট ইউনিয়নৰ ৩ খনকৈ ৰ’ভাৰ সফলভাৱে মংগলপৃষ্ঠত অৱতৰণ কৰিছিল যদিও অৱতৰণৰ পাছতে ৰ’ভাৰকেইখনে ছিগনেল প্ৰদান কৰাত ব্যৰ্থ হয়।