সফল হৈছে চীনৰ কোভিড ভেকচিন ‘কৰ’ণাভেক’! : নিৰাপদ বুলি ঘোষণা ক’ৰ’ণাত বিধ্বস্ত ব্ৰাজিলৰ

index.jpgm

ক’ৰ’ণাৰ উৎপত্তি দেশ চীনে প্ৰস্তুত কৰি উলিয়াইছে ক’ৰ’ণা প্ৰতিৰোধী ভেকচিন।

উল্লেখ্য যে গোটেই বিশ্বতে ক’ৰ’ণাক বিয়পাই দিয়া বুলি চীনক বিশ্ব সম্প্ৰদায়ে সমালোচনাতে সীমাৱদ্ধ নাথাকি কৰ্কথনা, নিন্দা আদিও কৰি আহিছে।

এই চীনে প্ৰস্তুত কৰা কোভিড ভেকচিনৰ প্ৰতিও বিশ্বৰ প্ৰায়বোৰ দেশে সন্দেহ ব্যক্ত কৰি আহিছে।

কিন্তু তাৰ মাজতে ক’ৰ’ণাত বিধ্বস্ত দেশ ব্ৰাজিলে ঘোষণা কৰিছে যে চীনে প্ৰস্তুত কৰা ‘ক’ৰ’ণাভেক’ ভেকচিনটো এটা নিৰাপদ ভেকচিন।

ব্ৰাজিলৰ ৰাজধানী চাও পাওলোৰ আটাইতকৈ বিখ্যাত বায়’মেডিকেল গৱেষণা সংস্থাৰ মতে চীনৰ এই ভেকচনিটোৰ দুটা পৰ্যায়ৰ ট্ৰায়েল ইতিমধ্যে নিৰাপদে সম্পন্ন হৈ গৈছে।

সংস্থাটোৰ মতে তৃতীয় তথা অন্তিমটো ট্ৰায়েলো আৰম্ভ কৰা হ’ব দেশখনত।

চাও পাওলোৰ বুটানটান ইনষ্টিটিউশ্যনে জনোৱা মতে ১৩ হাজাৰ স্বেচ্ছাসেৱকৰ শৰীৰত এই ভেকচিনটো প্ৰয়োগ কৰি ট্ৰায়েল কৰা হৈছিল।

ভেকচিনটো প্ৰয়োগ কৰাৰ পিছত প্ৰতিজন স্বেচ্ছাসেৱকৰ শাৰীৰিক পৰিৱৰ্তনৰ ৰেকৰ্ড কৰা হৈছিল। আৰু এই ৰেকৰ্ডৰ ভিত্তিতে ভেকচিনটোৰ দুটা পৰ্যায়ৰ পৰীক্ষণ সফল হোৱা বুলি দাবী কৰিছে সংস্থাটোৱে।

ইফালে চাও পাওলোৰ গভৰ্ণৰ জোয়া ডুবিয়াই কয়, “ক’ৰ’ণাভেকৰ প্ৰথম ক্লীনিকেল ট্ৰায়েলতে ব্ৰাজিলে বুজিছিল যে এই ভেকচিনটো সকলোতকৈ নিৰাপদ, সকলোতকৈ ভাল আৰু সকলোতকৈ বেছি আশাপ্ৰদ।”

চাও পাওলোৰ স্বাস্থ্য সচিবৰ মতে ভেকচিনটোৱে প্ৰথম ট্ৰায়েলত স্বেচ্ছাসেৱকৰ শৰীৰত এণ্টিবডি তৈয়াৰ কৰিবলৈ সক্ষম হৈছে।

তৃতীয় ক্লীনিকেল ট্ৰায়েলত ভেকচিনটো ৯ হাজাৰ স্বেচ্ছাসেৱকৰ শৰীৰত প্ৰয়োগ কৰাৰ কথা।

সকলোবোৰ ঠিকে থাকিলে অহা ফেব্ৰুৱাৰিত ব্ৰাজিলে চীনৰ পৰা ভেকচিনটো আমদানি কৰিব।

আনহাতে ইন্দোনেছিয়া আৰু তুৰস্কতো এই ভেকচিনটোৰ ট্ৰায়েল আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে।