শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত নিষিদ্ধ কৰা হৈছিল চীনৰ দ্বাৰা নিৰ্মিত সামাজিক মাধ্যমৰ জনপ্ৰিয় এপ্লিকেশ্যন টিকটক।
লক্ষনীয়ভাবে আমেৰিকাত টিকটক নিষিদ্ধ কৰাৰ এদিনৰ পিছতেই পুনৰ এই সিদ্ধান্ত উঠাই লোৱাৰ সিদ্ধান্ত লোৱা হৈছে।
নৱনিৰ্বাচিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিশেষ প্ৰতিশ্ৰুতিৰ পিছতে চীনৰ কোম্পানীটোৱে আমেৰিকাত টকটকৰ সেৱা বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখ্য যে আমেৰিকাত ১৭ কোটি টিকটক ব্যৱহাৰকাৰী আছে। যি দেশখনৰ বৃহৎ পৰিমাণৰ অৰ্থনীতিৰ লগত জড়িত।
শনিবাৰে (১৮ জানুৱাৰী) সন্ধিয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ভাবুকিৰ কাৰণে টিকটক নিষিদ্ধ কৰা আইন কাৰ্যকৰী হোৱাৰ পিছত চীনৰ মালিকানাধীন এপটো আমেৰিকাৰ ব্যৱহাৰকাৰীৰ বাবে বন্ধ কৰি দিয়া হৈছিল।
পূৰ্বে এই টিকটকত নিষেধাজ্ঞা আৰোপ কৰাৰ পক্ষত থকা ট্ৰাম্পে দেওবাৰে এই আইনখন কাৰ্যকৰী কৰাত বিলম্ব কৰাৰ লগতে চুক্তিৰ বাবে অধিক সময় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।
ইয়াৰ পিছতে টিকটক কৰ্তৃপক্ষই এপটোৰ সেৱা পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। কিছু সময়ৰ পিছতে এপটো পুনৰ আৰম্ভ হয় আৰু লাখ লাখ ব্যৱহাৰকাৰীয়ে ট্ৰাম্পক ধন্যবাদ জ্ঞাপন কৰে।