চীনত ভাঙি পেলোৱা হৈছে ১৬ হাজাৰ মছজিদ, ১০ লক্ষাধিক উইঘুৰক কৰা হৈছে ধৰ্মান্তৰিত

mos12

ম্যানমাৰত যিদৰে ৰোহিংগা মুছলমানৰ ওপৰত দেশখনৰ সেনাই অকথ্য নিৰ্যাতন চলাইছে ঠিক তেনেদৰে চীনতো দেশ খনৰ সেনাই উইঘুৰ মুছলমানৰ ওপৰত চলাই গৈছে অত্যাচাৰ।

শেহতীয়াকৈ অষ্ট্ৰেলিয়ান ষ্ট্ৰটেজিক পলিচি ইনষ্টিটিউটে প্ৰকাশ কৰা প্ৰতিবেদনত কোৱা হৈছে যে চীনৰ ছিনজিয়াং প্ৰদেশত বাস কৰা উইঘুৰ সম্প্ৰদায়ৰ লোক সকলে মুঠেও শান্তিত থাকিব পৰা নাই।

চীনৰ সেনাই উইঘুৰ সম্প্ৰদায়ৰ লোক সকলৰ ওপৰত চলাইছে কল্পনাতীত নিৰ্যাতন।

ধৰ্মাচৰণৰ পৰাও বঞ্চিত কৰা হৈছে উইঘুৰ মুছলমান লোক সকলক।

উপগ্ৰহৰ সহায়ত সংগ্ৰহ কৰা ছবি বিশ্লেষণ কৰি সংস্থাটোৱে কৈছে যে তিনিবছৰ আগলৈকে ছিনজিয়াং প্ৰদেশত ২৪ হাজাৰ মছজিদ আছিল যদিও তাৰে প্ৰায় ১৬ হাজাৰ মছজিদ ভাঙি পেলোৱা হৈছে।

কেৱল সেয়াই নহয়, প্ৰদেশ খনৰ প্ৰায় ১০ লাখ লোকক চীনৰ সেনাই ডিটেনছন কেম্পত বন্দী কৰি ৰাখিছে আৰু তেওঁলোকক ইছলামিক নিয়ম অনুসৰি ধৰ্মাচৰণ কৰিবলৈ দিয়া হোৱা নাই।

এক কথাত তেওঁলোকক ধৰ্মান্তৰিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

লক্ষণীয় কথাটো হ’ল উইঘুৰ মুছলমান অধ্যুষিত ছিনজিয়াং প্ৰদেশত থকা গীৰ্জা ঘৰ সমূহ অক্ষত অৱস্থাতে আছে।

ইপিনে চীনৰ চৰকাৰৰ এনে কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইছলামিক দেশ সমূহে।

কিন্তু এই বিষয়ত সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছে পাকিস্তানে।