• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

গাৰ জোৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষ লৈছে জে পি চিয়ে

জনগণৰ মত, সংবিধানৰ বৈশিষ্ট্য, গণতান্ত্ৰিক নীতিৰ প্ৰতি বিজেপিৰ সিমান নিষ্ঠা নাই, যিমান আছে তেওঁলোকৰ উদ্দেশ্য সাধনৰ প্ৰতি

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
January 1, 2019 11:54 am
Public hearing JPC

জেপিচিয়ে অসমলৈ আহি জনসাধাৰণৰ মত লোৱাৰ দৃশ্য। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বাবে গঠিত যুটীয়া সংসদীয় কমিটী বা চমুকৈ জে পি চিয়ে গ্ৰহণ কৰা ৰাইজৰ মতামত আৰু বিৰোধী দলৰ ইয়াৰ সদস্যবোৰৰ মতামতক অৰ্থহীন কৰি শাসকীয় দলৰ সদস্যৰ স্থিতিৰ ভিত্তিতহে প্ৰতিবেদন যুগুতাবলৈ সাজু হৈছে নেকি?

এই প্ৰশ্নটো উত্থাপন হৈছে ৩১ ডিচেম্বৰত জে পি চিয়ে ইয়াৰ বৈঠকত দেশৰ জনতাৰ সকলো মতক আওকাণ কৰি, ইয়াৰ বিৰোধী সদস্যসকলৰ বিৰোধ আৰু সংশোধনৰ সকলো প্ৰস্তাৱ নসাৎ কৰি ভোটিঙৰ জৰিয়তে বিধেয়কখনৰ সপক্ষে প্ৰতিবেদন দাখিল কৰিবলৈ লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত।

কিন্তু দেশৰ নাগৰিক, বুদ্ধিজীৱী, দল-সংগঠনৰ নেতাৰ মতামতক যদি শাসকীয় দলৰ সদস্যৰ সংখ্যাগত জোৰ দেখুৱাই নসাৎ কৰা হয়, কমিটীখন গঠনৰ কোনো অৰ্থ বিচাৰি পোৱা নাযাব। যোৱা দুটা বছৰে কমিটীখনে দেশৰ বিভিন্ন ঠাইলৈ গৈ সচেতন ব্যক্তি, দল-সংগঠনৰ মতামত লোৱাটোৰো কোনো মূল্য নাথাকিব।

উল্লেখযোগ্য যে কমিটীখনে ইয়াৰ ৩১ ডিচেম্বৰৰ বৈঠকত বিধেয়কখন অপৰিৱৰ্তিত ৰূপত গ্ৰহণ কৰাৰ বাবে সন্মতি দি প্ৰতিবেদন দিয়াৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। এই প্ৰতিবেদন চূড়ান্ত কৰা হ’ব অহা ৩ জানুৱাৰিৰ আন এখন বৈঠকত। তাৰ পিছতে সংসদৰ চলিত অধিৱেশনতে অহা ৭ জানুৱাৰিত ইয়াৰ প্ৰতিবেদন দাখিল কৰা হ’ব।

ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে শেষ মুহূৰ্তত ভোটিঙৰ জৰিয়তে হ’লেও বিধেয়কখনৰ সপক্ষে প্ৰতিবেদন দিব পৰাটো কমিটীখন গঠনৰ সময়ৰে এটা গোপন অংক আছিল। কাৰণ ৩০ জনীয়া কমিটীখনত কেৱল বিজেপিৰে আছে ১৪জন সদস্য। সহযোগী দল শিৱসেনা আৰু জনতা দল য়ুনাইটেডৰ আছে ১জনকৈ।

উল্লেখ কৰিব পাৰি যে উত্তৰ-পূবৰ জনগণ, দল-সংগঠনে এই বিধেয়কখনৰ প্ৰবল বিৰোধিতা কৰি আহিছে। যুটীয়া সংসদীয় কমিটীয়ে সেই বিৰোধিতাৰ নিজে আহি হিচাপ লৈ গৈছিল। তাৰ উপৰি খোদ কমিটীখনৰে বিৰোধী সদস্য, দেশৰ লেখক, বুদ্ধিজীৱী সকলোৱে এই বিধেয়কখনক সংবিধান বিৰোধী বুলি স্পষ্টকৈ মত দি আহিছে। এই সকলোবোৰ নসাৎ কৰি শেষত ভোটিং কৰি বিধেয়কখন অসংশোধিত ৰূপত গ্ৰহণ কৰাৰ সপক্ষে প্ৰতিবেদন দিবলৈ সিদ্ধান্ত কৰাটো অতি দুৰ্ভাগ্যজনক। ই গণতান্ত্ৰিক নীতিৰো পৰিপন্থী।

স্বাভাৱিকতে মানুহৰ মনলৈ অহা প্ৰশ্নটো হ’ল, শাসক দলৰ সদস্যকেইজনৰ বাহিৰে আনসকলে বিৰোধিতা কৰিলেও ভোটিঙৰ জৰিয়তে বিধেয়কখনৰ সপক্ষেই যাতে প্ৰতিবেদন দিব পৰা যায়, তেনেকুৱা এটা ব্যৱস্থা ৰাখি যোৱা দুটা বছৰ ধৰি জনসাধাৰণ, দল-সংগঠনৰ মত লৈ ফুৰাটো নাটকহে আছিল নেকি? অসম তথা উত্তৰ-পূবকে ধৰি অন্যান্য স্থানলৈ গৈ কমিটীখনে ৰাইজ আৰু দল-সংগঠনৰ মত লোৱাটো মাত্ৰ নিয়ম আৰু বিধেয়কখনৰ বিৰোধিতাত হোৱা গণপ্ৰতিবাদবোৰত সাময়িক ঢাকোন দিবৰ বাবেহে আছিল নেকি? ভোটিং হোৱাৰ লগে লগে এই তেনেই অসাৰ প্ৰতিপন্ন হৈ পৰিল।

মন কৰিব লগীয়া যে ভোটিঙৰ জৰিয়তে প্ৰতিবেদনৰ চূড়ান্ত ৰূপ ঠিৰাং কৰা হ’ব বুলি জানিয়েই শাসকীয় দলে ইয়াৰ সদস্যসকলক ৩১ ডিচেম্বৰৰ বৈঠকত উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছিল বুলি জানিব পৰা গৈছে। তাৰ বিপৰীতে বিৰোধী দলৰ সকলো সদস্য উপস্থিত নাছিল।

ইয়াৰ পূৰ্বে কমিটীৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালে (যিজনো বিজেপিৰ সাংসদ) বিধেয়কখন সম্পৰ্কত সদস্যসকলে নিজৰ নিজৰ মত আৰু প্ৰস্তাৱ দিয়াৰ সুযোগ পাব বুলি কৈছিল। কিন্তু শেষ মুহূৰ্তত দেখা গ’ল বিৰোধী সদস্যসকলে কৰা আপত্তিক হেলাৰঙে নসাৎ কৰা হ’ল।

লগতে বিৰোধী সদস্যসকলে বিধেয়খনৰ যিকেইটা কথাৰ সংশোধনৰ প্ৰস্তাৱ দিয়া হৈছিল, সেইকেইটাও নাকচ কৰা হ’ল। তাৰ পৰিৱৰ্তে শাসকীয় দলৰ সদস্যসকলৰ সংশোধনৰ কেইটামান প্ৰস্তাৱ প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত কৰা হৈছে বুলি জানিব পৰা গৈছে।

“বিৰোধী দলবোৰৰ সদস্যই অনা সংশোধনৰ আটাইবোৰ প্ৰস্তাৱ নাকচ কৰা হৈছে।” ৩১ ডিচেম্বৰৰ বৈঠকত উপস্থিত থকা এজন ৰাজ্যসভাৰ সাংসদে সংবাদ মাধ্যমৰ আগত কয়।

পূৰ্বৰ এখন বৈঠকৰ প্ৰাক মুহূৰ্তত অসমৰ সাংসদ তথা কমিটীখনৰ এজন সদস্য কংগ্ৰেছৰ ভুৱনেশ্বৰ কলিতাই একেই শংকা প্ৰকাশ কৰিছিল।

“যুটীয়া সংসদীয় কমিটিৰ অধিকাংশ সদস্যই শাসক দলৰ। তেখেতসকলে যদি এই বিধেয়কখন গৃহীত কৰিব খোজে তেন্তে তেওঁলোকে এইক্ষেত্ৰত পাৰিব, কাৰণ তেওঁলোকৰ সংখ্যা বিৰোধীৰ তুলনাত বেছি আছে।” জুন মাহৰ এখন বৈঠকৰ পূৰ্বে কলিতাই নৰ্থ-ইষ্ট নাওৰ আগত কৈছিল।

আন বহুতেও বিজেপিয়ে শেষত এইটোৱে কৰিব পাৰে বুলি শংকা প্ৰকাশ কৰিছিল। কাৰণ দলটোৰ কাৰ্য্যসূচী (এজেণ্ডা) নিয়ন্ত্ৰণ কৰা মূল অংশটোৰ জনগণৰ মতামত, সংবিধানৰ বৈশিষ্ট্য, গণতান্ত্ৰিক নীতিৰ প্ৰতি সিমান নিষ্ঠা নাই, যিমান আছে তেওঁলোকৰ উদ্দেশ্য সাধনৰ প্ৰতি। গতিকে বিধেয়কখন গৃহীত কৰাৰ বাটত থকা সকলো বাধা গাৰ জোৰেৰে আঁতৰ কৰিব বিচৰাটোৱেই স্বাভাৱিক।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am
অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd