নাগৰিকত্ব সংশোধনী বিধেয়কে সংখ্যালঘুসকলৰ কোনোধৰণৰ ক্ষতি নকৰে : মৌলানা ছোহাইব কাছিমী

FJIMG_20190712_141117

শুকুৰবাৰে গুৱাহাটী প্ৰেছক্লাৱত কাছিমীৰ সংবাদমেল

‘হিন্দু বাংলাদেশীৰ মাজত সংঘৰ্ষ সৃষ্টি কৰাই কংগ্ৰেছৰ মূল উদেশ্য’ গুৱাহাটী প্ৰেছ ক্লাৱত শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে জামাত ই উলেমা হিন্দৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা ছোহাইব কাছিমীয়ে ।

তাৰোপৰি, কাছিমীয়ে অসমত বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনৰ দোকান সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ পথত বুলি মন্তব্য কৰে। বৰ্তমান সময়ত তেওঁলোকে মহাৰাষ্ট্ৰ আৰু দিল্লীত সংবাদমেল আয়োজন কৰে বুলি উল্লেখ কৰি কাছিমীয়ে অসমৰ কিছুমান ঠাইত তেওঁলোকক সোমাবলৈ দিয়া নহয় বুলিও কয়।

আনহাতে, বদৰুদ্দিন আজমলে যদিও তেওঁৰ লোকসভা আসনত জয়ী হৈছে, তথাপি কৰিমগঞ্জ আৰু বৰপেটাত তেওঁৰ দলে আসন হেৰুৱাইছে আৰু পৰৱৰ্তী সময়ত আজমলো অসমৰ ৰাজনীতিৰ পৰা বিলীন হৈ যাব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে জামাত ই উলেমা  হিন্দৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।

সংবাদমেলত কাছিমীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিষয়ে উল্লেখ কৰি কয় যে এন আৰ চিৰ সকলো কাম উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত সুকলমে হৈ আছে আৰু ইয়াৰ দ্বাৰা অবৈধ বিদেশী ৰাজ্য তথা দেশৰ পৰা সম্পুৰ্ণৰূপে নাইকীয়া হ’ব।

লগতে তেওঁ জনায় বৰ্তমান সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সমগ্ৰ ভাৰতৰ মুছলমান সম্প্ৰদায়ৰ বাবে বহুতো উন্নয়মূলক আঁচনি লোৱা হৈছে। অসমতো মাদ্ৰাছা উন্নীতকৰণৰ বাবে বিভিন্ন পদক্ষেপ হাতত লোৱা হৈছে।

উক্ত সংবাদমেলতে মুছলমানসকলক প্ৰতিদ্বন্দ্বিতামূলক চিন্তাধাৰা পৰিহাৰ কৰি সহযোগিতা মূলক দৃষ্টি ভংগীৰে আগবাঢ়ি যাবলৈ কাছিমীয়ে আহ্বান জনায়।