নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পিছতহে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰা হ’ব বুলি বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে আজি কিছুদিন পূৰ্বে ঘোষণা কৰাৰ পিছতে বৃহস্পতিবাৰে অৰ্থাৎ ২০ জুনত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত উল্লেখ কৰে।
ৰাষ্ট্ৰপতি গৰাকীয়ে কালি সংসদৰ যুটীয়া অধিৱেশনক সম্বোধি দিয়া ভাষণত কয় যে ভাষিক, সাংস্কৃতিক আৰু সামাজিক পৰিচয়ক সুৰক্ষা দিয়াৰ বাবেই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ ব্যৱস্থা কৰা হৈছে।
অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যলৈ চুবুৰীয়া দেশৰ পৰা হৈ থকা অবৈধ অনুপ্ৰৱেশত উদ্বিগ্ন প্ৰকাশ কৰিছে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।
সংসদৰ যুটীয়া অধিৱেশনক সম্বোধি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে এই উদ্বিগ্নতা প্ৰকাশ কৰে।
অবৈধ অনুপ্ৰৱেশক দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ অন্যতম প্ৰধান ভাবুকি বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতি কোবিদন্দে কয় যে এই সমস্যাই দেশৰ বহু অংশত সামাজিক অস্থিৰতা আৰু অসমতাৰ সৃষ্টি কৰিছে।
সংসদৰ যুটীয়া অধিৱেশনতে ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতি গৰাকীয়ে অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চমুকৈ এন আৰ চি প্ৰসংগৰ কথাও উল্লেখ কৰে।
এন আৰ চি প্ৰসংগত ৰাষ্ট্ৰপতি কোবিন্দে কয় যে কেন্দ্ৰীয় চৰকাৰে অবৈধ অনুপ্ৰৱেশ সমস্যাৰ সৃষ্টি কৰা অঞ্চলসমূহক প্ৰাথমিক গুৰুত্ব দি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰণয়নৰ কাম আৰম্ভ কৰিছে।
তেওঁ কয় যে চৰকাৰে এফালে যেনেকৈ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰাৰ কাম আৰম্ভ কৰিছে, আনফালে চুবুৰীয়া ৰাষ্ট্ৰত নিজৰ ধৰ্মীয় বিশ্বাসৰ বাবেই নিৰ্যাতনৰ বলি হোৱা সকলৰ সুৰক্ষাৰ বাবেও চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।