অসমীয়া-বাঙালী সংঘাতত ‘ইন্ধন’ যোগাইছে নাগৰিকত্ব বিধেয়কে: শীৰ্ষ আৰক্ষী বিষয়া

dhola massacre

তিনিচুকীয়াৰ ধলা গণহত্যাত নিহতসকলৰ ছবি। নৰ্থ ইষ্ট নাও।

আলফা (স্বাঃ)ৰ শেহতীয়া উত্থান আৰু ৰাজ্যত অসমীয়া-বাঙালীৰ বিভাজনত বিজেপি-চৰকাৰ উত্থাপিত নাগৰিকত্ব বিধেয়কে ‘ইন্ধন’ যোগাইছে বুলি মন্তব্য কৰিছে অসম আৰক্ষী (বিশেষ শাখা)ৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যই।

“ৰাজ্যখনত অসমীয়া আৰু বাঙালী ভাষীসকলৰ মাজত থকা বিভাজন ঐতিহাসিক আৰু প্ৰস্তাৱিত বিধেয়কখনে ইয়াত ইন্ধন যোগাইছে,” ভট্টাচাৰ্য্যৰ উদ্ধৃতিৰে এই খবৰ দেশৰ আগশাৰীৰ সংবাদ পত্ৰ ইন্দিয়ান এক্সপ্ৰেছ-ৰ।

কালক্ৰমত ‘শাম’ কটা অসমৰ ভাষিক সংঘাত বিধেয়কসৃষ্ট পৰিস্থিতিত বৰ্তমান ‘পুনৰ মূৰ দাঙি উঠা’ বুলিও মন্তব্য কৰিছে বিশেষ সঞ্চালক প্ৰধান গৰাকীয়ে।

“১৯৬০ৰ ভাষা আন্দোলনৰ সময়ত সমস্যাৰ সৃষ্টি হৈছিল আৰু পিছত অসম আন্দোলনৰ প্ৰথম সময়চোৱাত কিছু সমস্যা আছিল। কিন্তু পিছত ই শাম কাটে। এতিয়া ই পুনৰ মূৰ দাঙি উঠিছে,” মন্তব্য ভট্টাচাৰ্য্যৰ।

আনহাতে আৰক্ষী বিষয়াজনৰ মতে আলফা (স্বাঃ)ক বিধেয়কখনে ‘নতুন জীৱন দান’ কৰিছে। অৱশ্যে, ‘আলফা (স্বাঃ)ত বৃহৎ হাৰত সদস্য ভৰ্তি’ হোৱা বুলি বিভিন্ন সংবাদ মাধ্যমে কৰা দাবী তেওঁ অগ্ৰাহ্য কৰিছে।

“যোৱা ১ ছেপ্তেম্বৰৰ পৰা ওদালগুৰি আৰু তিনিচুকীয়া জিলাত ৮জনে আলফা (স্বাঃ)ত যোগদান কৰিছে। এইটোৱে বৰ্তমান আমাৰ হাতত থকা সংখ্যা,” বিদ্ৰোহী সংগঠনটোৰ কিছু সদস্যক ‘কৰায়ত্ত’ কৰা বুলি সদৰী কৰি এই মন্তব্য ভট্টাচাৰ্য্যৰ।

তিনিচুকীয়া জিলাৰ ধলাত শেহতীয়াকৈ কেইবাজনো বাঙালী লোকক গুলীয়াই হত্যা কৰা ঘটনাটোৰ বাবে অসম আৰক্ষীয়ে আলফা (স্বাঃ)ক জগৰীয়া কৰিছে। তাৰ বিপৰীতে সংগঠনটোৱে আৰক্ষীৰ দাবী নস্যাৎ কৰি আহিছে।

ভাৰত-আলফা শান্তি আলোচনাৰ বৈঠকত বিশেষ শাখাৰ বিশেষ সঞ্চালক প্ৰধানজনে অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি আহিছে। কেন্দ্ৰৰ প্ৰতিনিধি এ বি মাথুৰৰ সৈতে যোৱা ৩০ অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত আলফাৰ শেহতীয়াখন বৈঠকটো উপস্থিত আছিল ভট্টাচাৰ্য্য।

প্ৰতিবাদী সমূহ দল-সংগঠন-ব্যক্তিয়ে অসমৰ সাম্প্ৰতিক উত্তপ্ত পৰিস্থিতিৰ বাবে চৰকাৰক জগৰীয়া কৰাৰ সময়তে অসম আৰক্ষীৰ অন্যতম জ্যেষ্ঠ তথা শীৰ্ষ বিষয়াজনৰ এই মন্তব্য স্বাভাৱিকতেই তাৎপৰ্য্যপূৰ্ণৰূপে বিবেচিত হৈছে।