আমাৰ বাবেই নাগৰিকত্ব বিধেয়কত আগবাঢ়িব পৰা নাই এন ডি এ’: জে ডি (ইউ)

Citizenship bill: Friend JD (U) flushes cold water through BJP's national "Sankalp''

জে দি (ইউ) মুৰব্বী নীতীশ কুমাৰ। ফাইল ছবি।

জনতা দল (ইউনাইটেদ)এ দাবী কৰিছে যে তেওঁলোকৰ শক্তিশালী বিৰোধিতাৰ বাবেই নাগৰিকত্ব বিধেয়কক লৈ আগবাঢ়িব পৰা নাই বিজেপি নেতৃত্বাধীন এন ডি এ’।

বিহাৰৰ মুখ্য মন্ত্ৰী তথা দলটোৰ মুৰব্বী নীতীশ কুমাৰ বিধেয়কখনৰ বিৰোধিতা কৰা প্ৰথমজন ৰাজনৈতিক নেতা বুলি উল্লেখ কৰি শনিবাৰে এই মন্তব্য কৰিছে জে দি (ইউ)ৰ উত্তৰ-পূবৰ সাধাৰণ সম্পাদক আফাক আহমেদ খানে।

তেওঁ কয় যে নীতীশ কুমাৰেই বিধেয়কৰ বিৰুদ্ধে আছুক প্ৰথম নিঃচৰ্ত সমৰ্থন আগবঢ়াইছিল।

“২০১৮ চনৰ ৮ জুলাইত বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে দলে সিদ্ধান্ত গ্ৰহণ কৰিছিল,” উত্তৰ-পূবৰ খিলঞ্জীয়াৰ স্বাৰ্থতে দলে এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি এই মন্তব্য আহমেদৰ।

বিধেয়কখনৰ ধৰ্মীয় পক্ষপাতিত্ব “সংবিধানবিৰোধী” ৰূপে অভিহিত কৰিও ইয়াৰ বিৰোধিতা কৰিছে এন ডি এ’ৰ মিত্ৰ দলটোৱে।

চলিত ৰাজ্যসভা অধিৱেশনৰ কাৰ্য্যক্ৰমণিকাত বিধেয়কখন উত্থাপনৰ উল্লেখ নাই যদিও বিলখন পাৰণক লৈ বদ্ধপৰিকৰ বিজেপিয়ে অধিৱেশনৰ মাজতে বিলখন উত্থাপনৰ চেষ্টা কৰাৰ আশংকা এতিয়াও উত্তৰ-পূববাসীৰ মনৰ পৰা গুচা নাই।

অসমকে ধৰি উত্তৰ-পূবৰ খিলঞ্জীয়াৰ ব্যাপক বিৰোধিতাৰ সন্মুখীন হোৱা বিধেয়কখন যোৱা ৮ জানুৱাৰিত লোকসভাত সংখ্যাগৰিষ্ঠতাৰ জোৰত গৃ্হীত কৰিছিল বিজেপিয়ে।