মুখ্য ন্যায়াধীশ হিচাপে ৰঞ্জন গগৈ বহুত শক্তিশালী : ন্যায়াধীশ অৰবিন্দ ব’বডে

মাৰাঠী ভাষাৰ সৈতে অসমীয়া ভাষাৰ এটা শব্দ একে, সেইটো হৈছে 'আই' : পৰৱৰ্তী মুখ্য ন্যায়াধীশ অৰবিন্দ ববডে

Ranjan Gogoi

“ভাৰতবৰ্ষৰ আদালতসমূহ : অতীতৰ পৰা বৰ্তমানলৈ” শীৰ্ষক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু অন্যান্যসকল।

অযোধ্যৰ ৰায় দি দেশজুৰি চৰ্চিত হোৱা দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক বহুত শক্তিশালী আখ্যা দিছে দেশৰ পৰৱৰ্তী ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডে। আজি গুৱাহাটীত এটা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুখ্য ন্যায়াধীশৰ সৈতে উপস্থিত আছিল ব’বডে।

মুখ্য ন্যায়াধীশ গগৈ আৰু ন্যায়াধীশ ব’বডেই মহানগৰীৰ মাছখোৱাস্থিত আই টি এ প্ৰাগজ্যোতি প্ৰকল্পত হোৱা অনুষ্ঠানটোত “ভাৰতবৰ্ষৰ আদালতসমূহ : অতীতৰ পৰা বৰ্তমানলৈ” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে।

তেওঁলোক দুজনৰ উপৰি গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত উপস্থিত থাকে ৰাজ্যৰ মুখ্য মন্ত্ৰী সোণোৱাল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বাকে ধৰি অন্যান্য বিশিষ্ট লোকসকল।

৯ নৱেম্বৰত চূড়ান্ত ৰায়দানেৰে দীৰ্ঘতম অযোধ্যা বিবাদটোৰ অন্ত পেলোৱা ন্যায়াধীশ গগৈয়ে আজি অনুষ্ঠানত ভাগ লয় যদিও তেওঁ এই “বিখ্যাত” ৰায়টো সম্বন্ধে কোনো মন্তব্য কৰিবলৈ অগ্ৰাহ্য কৰে।

উন্মোচিত গ্ৰন্থখন ইংৰাজী গ্ৰন্থ “Courts Of India : Past to Present”-ৰ অসমীয়া অনুবাদ।

অসমীয়ালৈ অনুবাদ কৰিছে বিশেষ সম্পাদকৰ ভূমিকা লোৱা সুৰেশ শৰ্মাৰ লগতে ডিটিমণি গগৈ, চয়নিকা চৌধুৰী, অৰ্চনা দেৱী, কংকনা বৰা, অপৰ্ণা দেৱী শৰ্মা, মায়াশ্ৰী মহন্ত আৰু জাহ্নৱী গগৈয়ে। অনুবাদ গ্ৰন্থখন প্ৰকাশ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে ৩৫ লাখ টকাৰ সাহায্য দিয়া বুলি জানিব পৰা গৈছে।

গ্ৰন্থখন উন্মোচন কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয়, “এইটো মোৰ কাৰ্য্যকালৰ অন্তিমটো ৰাজহুৱা অনুষ্ঠান। মোক ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ।”

কালিৰ ৰায়টো সম্বন্ধে মন্তব্য আশা কৰি থকাসকলক নিৰাশ কৰি ন্যায়াধীশজনে স্পষ্টকৈ কয়, “মই অন্যান্য বিষয় বা বিতৰ্কিত বিষয়ৰ ওপৰত আজি একো নকওঁ।”

কিতাপখনৰ আন ভাষাৰ সংস্কৰণো থকা বুলি ইংগিত দি তেওঁ কয়, “এই কিতাপখন ব’বডে আৰু মই যোৱা বছৰো অন্য ভাষাত উন্মোচন কৰিছিলো। কিতাপখন গধুৰ, কিন্তু ভাল। আইনৰ ছাত্ৰ-ছাত্ৰীসকলে এই কিতাপখন পঢ়িব লাগে।”

আনহাতে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডে কেইবাজনো অসমীয়াৰ নাম শ্ৰদ্ধাৰে লয়। তেওঁ কয়, “তৰুণৰাম ফুকন, ফকৰুদ্দিন আলী আহমেদ, গোপীনাথ বৰদলৈ, -এইসকলক মই শ্ৰদ্ধা কৰো।”

অসমীয়া ভাষাৰ সৈতেও তেওঁৰ মাতৃভাষা মাৰাঠীৰ সম্পৰ্ক দেখুৱাই ন্যায়াধীশজনে কয়, “মাৰাঠী ভাষাৰ সৈতে অসমীয়া ভাষাৰ এটা শব্দ একে, সেইটো হৈছে ‘আই’”।

অনুষ্ঠানটোত উপস্থিত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজি অসমবাসীৰ বাবে সৌভাগ্যৰ দিন। আজি আপোনাৰ উপস্থিতিয়ে আমাক কৃতাৰ্থ কৰিছে। অযোধ্যা সন্দৰ্ভত আপুনি দিয়া ৰায়ক সন্মান জনাইছো।”

তেওঁ গগৈৰ কিতাপখনৰ অসমীয়া অনুবাদটো আপুৰুগীয়া সম্পদ বুলি কৈ কয়, “কাৰণ যিসকল আইনজ্ঞই বিভিন্ন ঐতিহাসিক ৰায়েৰে আমাৰ দেশৰ আইন ব্যৱস্থা অধিক শক্তিশালী কৰিলে, তেওঁলোকলৈ শ্ৰদ্ধা জনোৱাৰ বাবে এইখন কিতাপেই সৰ্বোত্তম।”

“কালি ঐতিহাসিক শুনানিটোক লৈ সকলো গৌৰৱান্বিত। মই অসমীয়া হিচাপে গৌৰাম্বিত,” সোণোৱালৰ মন্তব্য।