শিৱসাগৰত গান্ধী জয়ন্তীত ‘ৰাজসংহ’ৰ উদ্যোগত স্বচ্ছতা অভিযান

শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতি অনুষ্ঠান ৰাজসংহ ক্লাবৰ উদ্যোগত ২ অক্টোবৰত গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি  শিৱসাগৰ অসামৰিক চিকিৎসালয়ত স্বচ্ছতাৰ এক অভিযান সম্পন্ন কৰে।

ৰাজসংহ ক্লাবৰ সদস্যৰ লগতে সাৰথিৰ সদস্য সকলে বুধবাৰে দিনত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত এক চফাই কাৰ্যসূচী ৰূপায়ণ কৰে।

চিকিৎসালয়ৰ চৌহদ চফাই কৰাৰ লগতে চিকিৎসালয়ৰ কৰ্মচাৰী তথা ৰোগী আৰু উপস্থিত ৰাইজৰ মাজত হাত ধোৱা সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰে ৰাজসংহ ক্লাবৰ সদস্যসকলে।

স্বচ্ছতা অভিযানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ ৰাজীৱ বৰুৱা, চিকিৎসালয়ৰ মেট্ৰন জুতিকা গগৈ, হিচাপ পৰীক্ষক মিন্তু দাস, ৰাজসংহ ক্লাবৰ সভাপতি প্ৰশান্ত শৰ্মাকে ধৰি বহুকেইজন সদস্য উপস্থিত থাকে।

প্ৰশান্ত শৰ্মাই প্লাষ্টিক বৰ্জনৰ বাবে সকলোকে আহ্বান জনোৱাৰ লগতে প্লাষ্টিকৰ সামগ্ৰীৰ অপকাৰীতাৰ সম্পৰ্কে উপস্থিত সকলোকে চমু আভাস দিয়ে।