আৰ্থিক মন্দাৱস্থা, জি এছ টি, অনলাইন শ্বপিঙৰ কুপ্ৰভাৱত ৰাজ্যৰ খুচুৰা বজাৰত ৪০-৫০ শতাংশ হ্ৰাস পাইছে কাপোৰৰ বিক্ৰী

Cloth market

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

‘আৰ্থিক মন্দাৱস্থা, জি এছ টি, বিমুদ্ৰাকৰণ আৰু অনলাইন শ্বপিঙৰ ফলত ৰাজ্যত কাপোৰৰ বিক্ৰী ৪০ ৰ পৰা ৫০ শতাংশ হ্ৰাস পাইছে।’-এই মন্তব্য দ্যা অসম কো-অপাৰেটিভ চিল্ক হাউচৰ সম্পাদক বিৰেন্দ্ৰ কুমাৰ দাসৰ।

কাপোৰৰ বিক্ৰী হ্ৰাস হোৱা বাবে কাপোৰ ব্যৱসায়ীসকলেও পূৰ্বৰ তুলনাত ৩০ ৰ পৰা ৪০ শতাংশ কাপোৰ ক্ৰয় কমাই দিয়া বুলি দাসে জানিবলৈ দিয়ে।

ৰাজ্যৰ ৮০ বছৰ পুৰণি বস্ত্ৰ প্ৰতিষ্ঠানখনৰ সম্পাদক গৰাকীয়ে কয়, ‘আমাৰ ইয়াত মূলত থলুৱা শিপীনৰ দ্বাৰা বোৱা কাপোৰ বিক্ৰীৰ বাবে অনা হয় কিন্তু থলুৱা শিপিনীসকলৰ জি এছ টি ৰিছিভ নোহোৱা বাবে আমাৰ প্ৰতিষ্ঠানখনে জি এছ টিৰ নামত টকা ভৰিব লগীয়া হয়।’

বৰ্তমান জাপি আৰু গামোছা ক্ৰয়ৰ নামতে ১২ৰ পৰা ১৮ শতাংশলৈ জি  এছ টি আদায় দিবলগীয়া হয় বুলি তেওঁ প্ৰকাশ কৰে।

অসমৰ আঠখন ঠাইত ব্যৱসায় কৰি অহা  The Assam Co-operative Silk House য়ে এইবাৰ পূজাৰ বতৰতো ৩০ৰ পৰা ৪০ শতাংশ নতুন কাপোৰ ক্ৰয় হ্ৰাস কৰিছে বুলি দাসে জনায়।

আনহাতে, আজি ফেন্সী বজাৰৰ নিউ মাৰ্কেটৰ জি ডি ষ্টোৰৰ স্বত্বাধিকাৰী দীপিকা কলিতা, বালেক ৰাম দেৱানৰ স্বত্বাধিকাৰী নীলমণি দেৱান আৰু বহুতো নাম প্ৰকাশত অনিশ্চুক ব্যৱসায়ীয়ে পূৰ্বৰ তুলনাত বিক্ৰী যথেষ্ঠ হ্ৰাস হোৱা বাবেই এইবাৰ নতুন কাপোৰ ৩০ ৰ পৰা ৪০ শতাংশ কমকৈ অনা হৈছে বুলি মত প্ৰকাশ কৰে।

ৰাজ্যৰ চৌদিশে শাৰদীয় দুৰ্গা পূজাৰ উচাহৰ মাজতো মহানগৰীৰ বস্ত্ৰ বজাৰত সেমেকা পৰিবেশে বিৰাজ কৰিছে। পূজাৰ বস্ত্ৰ বজাৰ সন্দৰ্ভত সদৌ গুৱাহাটী ব্যৱসায়ী সন্হাৰ সহকাৰী সাধাৰণ সম্পাদক নেকিব ইমাণ শইকীয়াই যোৱা কেইবছৰমানৰ পৰা ব্যৱসায় সম্পূৰ্ণ বেয়াৰ ফালে গতি কৰিছে বুলি কোৱাৰ লগতে অৰ্থনৈতিক মন্দাৱস্হা, বি-মুদ্ৰাকৰণ, জি এছ টি, অনলাইন বজাৰ, শ্বপিং মলৰ প্ৰভাৱে ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ ওপৰত মাধ মাৰ সোধাইছে বুলি মন্তব্য কৰে।