‘মৰম’ প্ৰকল্পৰ অধীনত বঙাইগাঁৱত জিলা উপায়ুক্তৰ দুখীয়া লোকক কাপোৰ,পুতলা আদি বিতৰণ

বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই জিলাখনৰ শ্মশানপাৰা এলেকাত ‘মৰম’ প্ৰকল্পৰ অধীনত দুখীয়া লোক আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীৰ মাজত কাপোৰ,পুতলা আদি বিতৰণ কৰে।

উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়াই জিলাখনৰ দুখীয়া লোকসকলক উৎসৱৰ বতৰত এযোৰ নতুন কাপোৰ বা গৰম কাপোৰ আৰু শিশুৰ মাজত কাপোৰ আৰু পুতলা আদি বিতৰণ কৰি মানবীয়তা আৰু মৰম প্ৰদৰ্শন কৰাত দুখীয়া লোকসকলৰ মুখত হাঁহি বিৰিঙিছে।

উল্লেখ্য যে যোৱা ৩০ অক্টোৱৰত জিলাখনৰ বৰপাৰাত থকা চিলাৰায় ইন্দোৰ ষ্টেডিয়ামত ‘মৰম’ নামেৰে নতুন প্ৰকল্প এটি আৰম্ভণি কৰি নিজে প্ৰথমতে গৰম কাপোৰ প্ৰকল্পৰ নামত প্ৰদান কৰাৰ লগতে বিভিন্ন সমাজসেৱী অনুষ্ঠানৰ পৰা কাপোৰ,পুতলা আদি সংগ্ৰহ কৰিছিল।

যিসকল দুখীয়া লোকৰ উৎসৱৰ বতৰত নিজৰ বাবে বা নিজৰ ল’ৰা-ছোৱালীৰ বাবে এজোৰ কাপোৰ বা পুতলা আদি কিনাৰ সামৰ্থ্য নাই তেওঁলোকৰ বাবে উপায়ুক্তগৰাকীয়ে ‘মৰম’ প্ৰদৰ্শন কৰি বুধবাৰে এইদৰে কাপোৰ,পুতলা আদি বিতৰণ কৰে।

উপায়ুক্তগৰাকীয়ে ১১০ জন শিশু, ৮৩ গৰাকী মহিলা আৰু ৭৪ গৰাকী লোকৰ মাজত গৰম কাপোৰ, শাৰী, পুতলা, কামিজ আদি বিতৰণ কৰে।

কাৰ্যসূচীত ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা মিছনৰ জিলা প্ৰকল্প প্ৰবন্ধক সঞ্জীৱ দাস, স্বেচ্ছাসেৱী সংগঠন ৰবিনহুড আৰ্মি আদিয়ে সহযোগিতা আগবঢ়ায়।