হাইকামাণ্ডেই শেষ কথা! সোণোৱাল মুখ্য মন্ত্ৰী হৈ থাকিলেও আপত্তি নাই মন্ত্ৰী হিমন্তৰ!

সোণোৱাল মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব বুলি ৰামমাধৱে স্পষ্ট কৰাৰ পাছতে কি প্ৰতিক্ৰিয়া মন্ত্ৰী হিমন্তৰ?

_Saturday_2016_015554402(1)

কংগ্ৰেছৰ দৰেই বিজেপিৰো হাই কামাণ্ডৰ কথাই শেষ কথা নেকি? এই প্ৰশ্ন এইবাবেই উত্থাপন কৰা হৈছে কিয়নো ৰাষ্ট্ৰীয় নেতৃত্বৰ কথা আখৰে আখৰে মানি চলে বিজেপিৰ ৰাজ্যিক নেতৃত্বই। ৰাষ্ট্ৰীয় নেতৃত্বৰ ওপৰত মাত মতা বা টিপ্পনি মৰাটো নিবিচাৰে ৰাজ্যিক নেতৃত্বই।

কালি শংকৰদেৱ কলাক্ষেত্ৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মাধৱে ২০২১ ৰ বিধানসভাৰ নিৰ্বাচনতো মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে সোণোৱালেই থাকিব বুলি একপ্ৰকাৰে স্পষ্ট কৰি দিছিল।

তেওঁ কৈছিল ‘ নৰেন্দ্ৰ মোদীক ৰাইজে ২০১৪ ৰ তুলনাত ২০১৯ ত যেনেকৈ অধিক ভোট দি চৰকাৰ বনোৱাত সহায় কৰিছিল ঠিক সেইদৰে অসমতো সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিক অধিক ভোট দি পাঁচবছৰ শাসন কৰাৰ সুযোগ দিব। অসমৰ জনতাৰ ওচৰত  সমৰ্পিত  হৈ ৰাজ্যত বিজেপি চৰকাৰ পাঁচ বছৰ চলিল। আশা কৰো সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ টীমটোক অসমৰ মানুহে আৰু আশীৰ্বাদ দিব।‘

তাৰ পাছতেই সাংবাদিকে এই সম্পৰ্কে সোধাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ‘ৰামমাধৱ ডাঙৰীয়াই কোৱাটোতো আপোনালোকে শুনিলেই। সেই প্ৰশ্নটো আকৌ মোক কিয় কৰিব খোজে? তেওঁ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতা। ৰাষ্ট্ৰীয় নেতাৰ প্ৰশ্নৰ ওপৰত টিপ্পনি মৰাটো স্থানীয় নেতাৰ কাম নহয়। আমি ৰাষ্ট্ৰীয় নেতাৰ নিৰ্দেশহে মানিব লাগিব।‘

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পৰা স্পষ্ট যে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত তেওঁ ৰাষ্ট্ৰীয় নেতাৰ যি নিৰ্দেশ সেয়া মানি চলিব। লগতে তেওঁৰ এই বক্তব্যৰ পৰা স্পষ্ট হৈছে যে ৰাষ্ট্ৰীয় নেতৃত্ব বা হাই কামাণ্ডে যদি মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে পুনৰ সৰ্বানন্দ সোণোৱালকে প্ৰক্ষেপ কৰে তেন্তে  এইক্ষেত্ৰত তেওঁ কোনো বিসম্বাদ নকৰে বা আপত্তি নকৰে।