গুৱাহাটীবাসীৰ বাবে মুকলি কৰা হ’ল ১৫ খন ইলেকট্ৰিক বাছ

cm flag off electric buses (5)

ফটো : য়ু বি

গুৱাহাটীক প্ৰদূষণ মুক্ত কৰাৰ লক্ষ্যৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত গুৱাহাটীবাসীৰ বাবে ১৫ খন ইলেকট্ৰিক বাছৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

ৰাজ্য চৰকাৰে ‘ফাষ্টাৰ এডপশ্যন এণ্ড মেনুফেকাটাৰিং অৱ ইলেকট্ৰিক ভেহিক’লছ’ (ফেম-১)ৰ অধীনত ক্ৰয় কৰা বাছ কেইখন পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হৈছে। পানবজাৰৰ পৰা কামাখ্যা মন্দিৰলৈ চলিব এই বাছ সেৱা।

বাছ সেৱা শুভাৰম্ভ কৰি দিয়া ভাষণত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে এখন প্ৰদূষণমুক্ত ৰাজ্য গঢ়াৰ স্বাৰ্থত এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

তেওঁ লগতে গুৱাহাটীত আৰম্ভ কৰা এই ইলেকট্ৰিক বাছ সেৱাৰ পাইলট প্ৰজেক্ট সফল হ’লে চৰকাৰে এই বাছ সেৱা সমগ্ৰ ৰাজ্যতে প্ৰৱৰ্তন কৰা হ’ব বুলি উল্লেখ কৰে।

উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰীক সংগ দিয়া ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজৰ ভাষণত কয় যে এই বাছ সেৱা প্ৰৱৰ্তনৰ জৰিয়তে অসম চৰকাৰে ৰাজ্যত বায়ু প্ৰদূষণমুক্ত যাতায়াত ব্যৱস্থাৰ ভেটি নিৰ্মাণ কৰিলে।

ইফালে ইলেক্ট্ৰিক বাছ সেৱা আঁচনি ৰূপায়নৰ দিশত অসম দেশৰ প্ৰথম ৫ খন ৰাজ্যৰ ভিতৰত এখন হিচাপে চিহ্নিত হৈছে।

উদ্বোধনী অনুষ্ঠানত পৰিবহন নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী, নিগমৰ অধ্যক্ষ, উপাধ্যক্ষৰ লগতে মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা, আইন উপদেষ্টাৰ উপৰি বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।