• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চমন জাৰি কৰাৰ পাছতো আদালতত উপস্থিত নহ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা!

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
February 25, 2022 8:03 pm
Himanta-Biswa-Sarma-5-750x375-1
244
VIEWS
Share on FacebookShare on Twitter

চমন জাৰি কৰাৰ পাছতো আদালতত উপস্থিত নহ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

দেশৰ ৰাষ্ট্ৰপতিৰ সৈতে সমগ্ৰ দিনটো ব্যস্ত থাকিল মুখ্যমন্ত্ৰীগৰাকী!

আদালতত উপস্থিত হৈ অতিৰিক্ত সময় বিচাৰিলে মুখ্যমন্ত্ৰীৰ অধিবক্তাই।

মুখ্যমন্ত্ৰীৰ অনুপস্থিতিৰ পিছত বিষয়টো সন্দৰ্ভত অহা ২১ মাৰ্চত পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰিছে আদালতে।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছিল নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ। মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ২০১৯ চনতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৰাজ্যিক নিৰ্বাচন আয়োগত তৰিছিল গোচৰ। নিৰ্বাচন আয়োগে সেই গোচৰ পোৱালৈগে আদালতৰ মজিয়া।

উল্লেখযোগ্য যে প্ৰচাৰৰ সময় উকলি যোৱাৰ পাছতো মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা মালিকাধীন নিউজ লাইভৰ এক আছুতীয়া সাক্ষাৎকাৰত অংশ লৈ নিৰ্বাচনী বিধি উলংঘা কৰিছিল মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পাছত উক্ত সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

নিউজ লাইভৰ মুখ্য পৰিচালন সঞ্চালকৰ বিৰুদ্ধেও উত্থাপন হৈছে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ।

কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে আজি মুখ্যমন্ত্ৰীগৰাকীক আদালতত উপস্থিত হ’বলৈ চমন জাৰি কৰিছিল যদিও তেওঁ উপস্থিত নহ’ল আদালতত।

অৱশ্যে, মুখ্যমন্ত্ৰীৰ অধিবক্তাই আদালতত উপস্থিত হৈ অতিৰিক্ত সময় বিচৰাত আদালতে অহা ২১ মাৰ্চলৈ পৰৱৰ্তী শুনানিৰ দিন পিচুৱাই দিয়ে।

ইপিনে, কালি ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক তেওঁলৈ আদালতে জাৰি কৰা চমন সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচৰাত বিষয়টো সন্দৰ্ভত একপ্ৰকাৰৰ তাচ্ছিল্যসূচক মন্তব্য কৰাহে দেখিবলৈ পোৱা গ’ল।

ইপিনে, আদালতত উপস্থিত হ’বলগীয়া দিনটোত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ অসমলৈ অহাৰ বাবে বৰঝাৰ বিমান বন্দৰত সম্বৰ্দ্ধনা জনোৱাৰ পৰা আৰম্ভ কৰি কামাখ্যা দেৱালয় দৰ্শন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী অনুষ্ঠান আদিত ভাগ লোৱাৰ অচিলাৰে আদালতত হাজিৰ নোহোৱাকৈ থাকে মুখ্যমন্ত্ৰীয়ে।

এতিয়া পৰৱৰ্তী শুনানিৰ দিনটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আদালতত উপস্থিত হয় নে নাই সেয়া সময়ত লক্ষ্যণীয় হ’ব।

Recent News

আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বিমানখনৰ কোনো যাত্ৰী জীৱিত নাই! দেশজুৰি শোকৰ ছাঁ

আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বিমানখনৰ কোনো যাত্ৰী জীৱিত নাই! দেশজুৰি শোকৰ ছাঁ

আহমেদাবাদত দুৰ্ঘটনা পতিত বিমানখনত আছিল উত্তৰ-পূবৰ ২ গৰাকী যুৱতী

আহমেদাবাদত দুৰ্ঘটনা পতিত বিমানখনত আছিল উত্তৰ-পূবৰ ২ গৰাকী যুৱতী

মেডিকেল কলেজৰ হোষ্টেলৰ চাদত পৰিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন; ২০ জন কনিষ্ঠ চিকিৎসকৰ মৃত্যুৰ আশংকা

মেডিকেল কলেজৰ হোষ্টেলৰ চাদত পৰিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন; ২০ জন কনিষ্ঠ চিকিৎসকৰ মৃত্যুৰ আশংকা

বিশ্বজুৰি ১২২ মিলিয়নতকৈ অধিক লোক বলপূৰ্বকভাৱে স্থানচ্যুত হৈছেঃ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন

বিশ্বজুৰি ১২২ মিলিয়নতকৈ অধিক লোক বলপূৰ্বকভাৱে স্থানচ্যুত হৈছেঃ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd