• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আত্মসমৰ্পন নহয়! কেন্দ্ৰলৈ বল ঠেলি ‘আক্ৰমণাত্মক’ মুখ্যমন্ত্ৰী হৈ পৰিল ‘শান্তিৰ দূত’

‘যদি ভাৰত চৰকাৰে বৰাক উপত্যকাক মিজোৰামক গতাই দিয়ে তেন্তে মোৰ আপত্তি নাই’ হিমন্ত বিশ্ব শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 27, 2021 4:23 pm
225382913_10158660990158983_2795023660678797172_n
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি অসম-মিজো সীমান্তত সংঘটিত ঘটনাত মিজো আৰক্ষীয়ে অসমৰ ৬ জনকৈ আৰক্ষী জোৱানক গুলিয়াই হত্যা কৰাৰ পাছতে আক্ৰমণাত্মক হৈ পৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তাৎপয্যপূৰ্ণভাৱে অসম আৰক্ষীকো গুলিওৱাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

কিন্তু আজি শিলচৰ মেডিকেল কলেজত গুলি চালনাত আহত আৰক্ষীসকলৰ খবৰ ল’বলৈ গৈ সম্বোধন কৰা এক সংবাদমেলত নৰম স্থিতি দেখিবলৈ পোৱা গ’ল মুখ্যমন্ত্ৰীগৰাকীৰ।

প্ৰত্যেকটো কথাতে কেন্দ্ৰলৈ বল ঠেলি এগৰাকী ‘শান্তি দূত’ৰ পৰিচয় দিলে মুখ্যমন্ত্ৰীয়ে।

তেওঁ কয়, ‘যদি ভাৰত চৰকাৰে কাইলৈ কয় এইখিনি মিজোৰামৰ মাটি তেন্তে সেইটো বেলেগ কথা। কিন্তু এতিয়াও আমি আমাৰ মাটি সুৰক্ষা দি আছো।‘

‘যদি সংসদে কাইলৈ এখন আইন প্ৰস্তুত কৰি কয় যে ভাৰত চৰকাৰে সমগ্ৰ বৰাক উপত্যকাক মিজোৰামক চমজাই দিব, গুৱাহাটীলৈকে সীমা চমজাই দিব বা নলবাৰীক চমজাই দিব তেতিয়া মোৰ একো প্ৰব্লেম নাই।‘ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

অৱশ্যে, যদি ভাৰত চৰকাৰে তেনে কোনো সিদ্ধান্ত নলয় তেন্তে কোনো মিজোৰামৰ লোককে অসমৰ মাটি দখল কৰিবলৈ দিয়া নহ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

‘আমি মৰিবলৈ সাজু কিন্তু আমি আমাৰ সীমা এৰি নিদিওঁ আৰু মিজোৰামৰ মাটিও দখল নকৰো।‘ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

ইপিনে, অসম আৰক্ষীয়ে মিজোৰামৰ নাগৰিকৰ ওপৰত গুলি চলাব নোৱাৰে বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘কিন্তু আমি আইনী প্ৰক্ৰিয়াৰ মাজেৰে তদন্ত কৰিব পাৰো যে কেনেকৈ মিজোৰামৰ নাগৰিকৰ হাতলৈ অস্ত্ৰ আহিল। অসম এখন দায়িত্বশীল ৰাজ্য। যদি মিজোৰামে কাছাৰলৈয়ো দখল কৰে তেন্তে আমি ওলোটাই গুলিয়াব নোৱাৰো কাৰণ তেওঁলোক ভাৰতীয় নাগৰিক।‘

ইপিনে, অসমত থকা মিজো লোকসকলৰ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘মিজোৰামৰ সৈতে অৰ্থৈনৈতিক অৱৰোধৰ কথাই আহি নপৰে। আমি অৰ্থনৈতিক অৱৰোধত বিশ্বাস নকৰো। আমি প্ৰতিশোধ পৰায়ণতাত বিশ্বাস নকৰো। এই যুদ্ধ কেৱল বনাঞ্চলৰ মাটি সংৰক্ষণৰ বাবেহে। অসমীয়া-মিজো, বাঙালী-মিজোৰ সংঘাত নহয়।‘

তেওঁ লগতে কয়, ‘মিজোৰামৰ বিৰুদ্ধে কিবা সিদ্ধান্ত ল’ব লাগে বুলি ভবা নাই। মই ভাবো আমি মৰিব পাৰো, আমি যুঁজিম কিন্তু আমি মিজোৰামৰ এক ইঞ্চি মাটিও দখল নকৰো। আমি আমাৰ ভুমি সুৰক্ষিত ৰাখিব পাৰো কিন্তু ভাৰত চৰকাৰে যদি কয় এয়া মিজোৰামৰ মাটি তেতিয়া আমি দি দিব লাগিব।‘

আনহাতে, মিজোৰামে উক্ত ভুমি তেওঁলোকৰ বুলি দাবী কৰি অহাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘যেতিয়া ১৯৭২ চনত মিজোৰামে ৰাজ্য হিচাপে স্বীকৃতি পালে তাৰ পাছত অসমে যিখিনি মাটি এৰি দিছিল বা যিখিনি মাটি লৈ তেওঁলোকে ৰাজ্য গঠন কৰিছিল সেইখিনিহে কেৱল তেওঁলোকৰ মাটি হ’ব। পৃথক ৰাজ্য গঠন নোহোৱাৰ পূৰ্বে এয়া অসমৰে মাটি আছিল।‘

‘ছ’চিয়েল মিডিয়াত দেখিবলৈ পাইছো মিজোৰামৰ লোকসকল ঐক্যবদ্ধ। গতিকে অসমৰ লোকসকলো ঐক্যবদ্ধ হৈ থাকিব লাগে।‘ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

তেওঁ আৰু কয়, ‘আমাৰ মানুহে আত্মত্যাগ কৰিছে যদিও নতুনকৈ অসমৰ এক ইঞ্চি মাটিও কোনেও ল’ব পৰা নাই। আমি সম্পূৰ্ণৰূপে সীমা সুৰক্ষিত কৰি ৰাখিছো। অসম আৰক্ষী সীমান্তত মোতায়েন হৈ আছে আৰু মাটি দখল কৰিব দিয়া নাই।‘

ইপিনে, অসম মিজোৰাম সীমান্তত তিনিটা কামাণ্ড’ বেটেলিয়ান মোতায়েন কৰা হ’ব বুলি জানিবলৈ দি তেওঁ লগতে কয়, ‘কৰিমগঞ্জ, হাইলাকান্দি আৰু এটা শিলচৰত মোতায়েন কৰা হ’ব। ১২০০ কৈ এটা কামাণ্ড’ বেটেলিয়ানত থাকিব।‘

‘সংৰক্ষিত বনাঞ্চল যাতে সংৰক্ষিতই হৈ থাকে তাক চোৱাটোহে আটাইতকৈ প্ৰয়োজনীয়। মিজোৰামেহে সংৰক্ষিত বনাঞ্চলত ৰাস্তা নিৰ্মাণ কৰি আন্তঃগাঁথনি বনাইছে। বনাঞ্চল যাতে ধ্বংস কৰিব নোৱাৰে তাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম।‘ মুখ্যমন্ত্ৰী ড০ শৰ্মাই এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd