সদৌ অসম মইনা পাৰিজাতৰ প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী সোণোৱালৰ

DSC_9644

ফটো : য়ু বি

‘শিশুসকল আমাৰ দেশৰ ভৱিষ্যত। শিশুসকলৰ মনত নৈতিকতাৰ ভাৱ পোষণ কৰাৰ লগতে সৎ শিক্ষা প্ৰদান কৰি তেওঁলোকক মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে অগ্ৰণী ভূমিকা পালন কৰিব লাগিব’। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ সৰুসজাইত সদৌ অসম মইনা পাৰিজাতৰ প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য কৰে।

অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱালে লগতে কয় যে শিশুৰ মনত সৃষ্টিশীল ভাৱনা জাগ্ৰত কৰি শক্তিশালী ভৱিষ্যতৰ বাবে সুস্থ পৰিৱেশ গঢ়িব লাগিব। ইয়াৰ বাবে শিশুসকলক সচেতন কৰিব লাগিব বুলিও কয়।

ইফালে শিশু গৃহ, প্ৰদৰ্শনী গৃহ, ক্ষুদ্ৰ প্ৰেক্ষাগৃহ, শিশু উদ্যান ইত্যাদিৰ সা-সুবিধাযুক্ত এই প্ৰেক্ষাগৃহই শিশুসকলৰ সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও মুখ্য মন্ত্ৰী সোণোৱালে উল্লেখ কৰে।

আনহাতে আজিৰ এই অনুষ্ঠানতে মুখ্য মন্ত্ৰীগৰাকীয়ে সদৌ অসম মইনা পাৰিজাতৰ শ্ৰেষ্ঠ শিশু সেৱকসকলক ‘নলিনীবালা দেৱী শিশু সেৱক বঁটা’ প্ৰদান কৰা হ’ব বুলি এক গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়ায়।

আজিৰ এই অনুষ্ঠানত সদৌ অসম মইনা পাৰিজাতৰ সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ উপৰি আমট্ৰনৰ অধ্যক্ষ তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাইও ভাষণ প্ৰদান কৰে।

সদৌ অসম মইনা পাৰিজাতৰ প্ৰেক্ষাগৃহৰ আধাৰশিলা অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, সদৌ অসম মইনা পাৰিজাতৰ উপদেষ্টা জীতেন ভাগৱতী, বিশিষ্ট নাগৰিক খগেন বৰাৰ উপৰি বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।