বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকৰ ভোজ-ভাত:কি ক’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই?

'মইতো নাখাওঁৱেই৷ মই যদি ক'ৰৱাত দিনত এখন ৰুটী খাওঁ সেইটোও ডাঙৰ কথা'

বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকৰ ভোজত ২৭ বিধ ব্যঞ্জন, পাঁচবিধ মাংস থকাৰ বিষয়টোকলৈ ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত নিজৰ মত প্ৰকাশ কৰিছে।

কেবিনেট বৈঠকৰ খোৱা বোৱা সম্পৰ্কত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় —কিছুমানে লিখিছে যে ইমান খুৱাইছে ? মইতো নাখাওঁৱেই৷ মই যদি ক’ৰৱাত দিনত এখন ৰুটী খাওঁ সেইটোও ডাঙৰ কথা৷ কৈছে বঙাইগাঁৱত ইমান খোৱা বস্তু দিছে ৷ এয়া বঙাইগাঁৱৰ ৰাইজৰ অতিথি পৰায়ণতাক সূচাইছে ৷বঙাইগাঁৱৰ ৰাইজৰ মন কিমান বহল ৷ ৰাইজ আহিছে ,অতিথি আহিছে ৷ আমাৰ অসমীয়া জীৱন হ’ল আমি যদি নিজেও খাবলৈ নাপাওঁ ,অতিথি আহিলে কিন্তু চাহ একাপ প্ৰায়ে দিয়া হয়েই ৷ যেতিয়া ঘৰত ভাল পোৱা মানুহ আহে তেতিয়াতো কথাই নাই ৷ গতিকে আমাৰ অসমীয়া অতিথি পৰায়ণতাৰ বঙাইগাঁৱৰ ৰাইজে আকৌ এবাৰ পৰিচয় দিছে ৷ ফণীভূষণ চৌধুৰীয়ে মোক কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক ইয়াত খুৱাইছো ,কিন্তু চৰকাৰৰ এটকাও লোৱা নাই দেই গতিকে বঙাইগাঁৱৰ ৰাইজৰ অতিথি পৰায়ণতাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো ।

‘কিছুমান ব্যক্তিয়ে কৈছে যে কেবিনেট জিলালৈ কিয় লৈ যাব লাগে ? মইতো কৈছো যে কেবিনেট গাঁওলৈকে লৈ যাব লাগে ৷ কাৰণ আমি গাঁওৰ মানুহৰ ভোটত, চহৰৰ মানুহৰ ভোটতহে বিজয়ী হৈছো ৷ দিছপুৰৰ বন্ধ কোঠাৰ মাজত আৱদ্ধ থাকি অফিচাৰৰ ৰিপৰ্টৰ ওপৰত চৰকাৰ চলোৱাৰ আমাৰ অধিকাৰ নাই ‘—বঙাইগাঁও চহৰৰ বৰপাৰাত বিজেপি দলৰ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা জিলা কাৰ্যালয় উদ্বোধন কৰি সভা এখনত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত কয় যে ৰাইজৰ মাজত থাকি সাহসেৰে ৰাইজৰ লগত কথা পাতি, ভুল হলে ক্ষমা খুজি আৰু শুদ্ধ হলে ৰাইজৰ লগত আনন্দ বিতৰণ কৰি আমি চৰকাৰখনক আগুৱাই লৈ যাব লাগিব ৷ জনতাই হৈছে চৰকাৰৰ প্ৰাণ ৷

আগতে আমি এচাম মানুহক সোধা দেখিছিলো যে  মন্ত্ৰীবিলাকে দিছপুৰৰ এয়াৰ কণ্ডিচন ৰূমত কিয় সোমাই থাকিব লাগে ?

এতিয়া লিখিছে মন্ত্ৰীবিলাকে জিলালৈ কিয় যাব লাগে ৷ দুই এজনক মই এটা কথাই কৈছো যে চৰকাৰ বেলেগৰ কি আছিল ,কেনে আছিল মই নাজানো ,কিন্তু এইখন চৰকাৰ জনতাৰ মাজত থাকিব , ভাল বেয়া ,সুখ দুখত জনতাৰ মাজত থাকি জনতাৰ লগত ঠিয় হ’ব৷

তেওঁ লগতে কয়—এইদৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ ফলত ৰাইজৰ মাজত সোমাই যাব পাৰিছো ,ৰাইজক লগ কৰিব পাৰিছো ৷ কেবিনেটলৈ আহোতে আৰু ঘূৰি যাওঁতে মন্ত্ৰীসকলে বিভিন্ন জিলাত সোমাই গৈ কাম – কাজৰ বুজ লৈছে ,কাৰ্যসূচী কৰিছে ৷ এই ধৰণৰ কাম কাজ আৰু এইধৰণৰ ৰাইজৰ মাজলৈ সোমাই যোৱাৰ বাবে চেষ্টা অসমৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কৰা হৈছে ৷

আমি তাৰ ইতিবাচক ফলসমূহ ইতিমধ্যে দেখা পাইছো ৷ কাৰণ চৰকাৰ এখনৰ অধিকাৰ নাই যে দিছপুৰৰ ৰাজধানী চৌহদত তেওঁলোকে বন্ধ হৈ থাকি ৰাইজক শাসন কৰক ৷ চৰকাৰ ৰাইজৰ মাজত থাকিবই লাগিব ৷ ৰাইজৰ মাজলৈ আহিব লাগিব ৷ পুৱা আহি গধূলি গুচি গ’লে নহ’ব ,বৰং নিশা ৰাইজৰ মাজত থাকিব লাগিব ৷ প্ৰথমবাৰৰ বাবে দিছপুৰৰ পৰা চৰকাৰখনক আমি জিলা সদৰলৈ লৈ অহাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছো , মুখ্যমন্ত্ৰীয়ে কয়।