NORTHEAST NOW (Assamese)

‘মিছন শক্তি’ৰ সফলতা : প্ৰধান মন্ত্ৰীৰ লগতে মুখ্য মন্ত্ৰী সোণোৱালৰো দেশৰ বিজ্ঞানী সকলক অভিনন্দন

March 27, 2019 6:13 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ বিজ্ঞানীসকলক বিশেষকৈ প্ৰতিৰক্ষা গৱেষণা উন্নয়ন প্ৰতিষ্ঠানৰ বিজ্ঞানী সকলক এনটি চেটেলাইট মিছাইল সফলতাৰে পৰীক্ষণ সম্পন্ন কৰা বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে এই পৰীক্ষা সফলতাৰে সম্পন্ন কৰাৰ জৰিয়তে ভাৰতবৰ্ষই যুদ্ধৰ বিপৰীতে শান্তিৰ পৰিবেশ অক্ষু্ণ্ণ ৰখাৰ দিশত বিশেষ মাত্ৰা লাভ কৰিলে বুলি প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে। বিশ্বৰ চতুৰ্থখন ৰাষ্ট্ৰ হিচাপে এই শক্তিৰ অধিকাৰী হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজ্ঞান আৰু উন্নয়নৰ দিশত লোৱা নেতৃত্বৰ শলাগ লয় সোণোৱালে।

বুধবাৰৰ দিনটোক ভাৰতৰ বাবে ঐতিহাসিক দিন হিচাপে উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে ইয়াৰ জৰিয়তে সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষ এক অন্যতম মহাকাশ শক্তি হিচাপে পৰিগণিত হোৱাৰ লগতে ভাৰতবৰ্ষই ইয়াৰ নাগৰিকসকলক সুৰক্ষিত তথা উন্নয়নৰ যাত্ৰা অব্যাহত ৰখাৰ দিশটো এক নতুন দিগন্তৰ সূচনা কৰিলে বুলি কয়।

উল্লেখযোগ্য যে, ‘মিছন শক্তি’ৰ জৰিয়তে ভাৰতৰ বিজ্ঞানীসকলে আজি ভাৰতৰ নিম্ন কক্ষপথত থকা এটা লাইভ চেটেলাইট এন্টি চেটেলাইট মিছাইলেৰে ধ্বংস কৰিবলৈ সক্ষম হয়। অত্যন্ত কঠিন এই অভিযানত মাত্ৰ ৩ মিনিটত ৩০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি মিছাইলেৰে কক্ষপথত থকা চেটেলাইটতো ধ্বংস কৰিবলৈ সক্ষম হয়।

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিছন শক্তিৰ সফলতাৰ পাছতে দেশক সম্বোধন কৰি ভাৰতীয় বিজ্ঞানী সকলৰ পাৰদৰ্শিতাক প্ৰসংশা কৰে।

 

Related News