গ্ৰেপ্তাৰ হ’ব বিধায়ক শিলাদিত্য দেব? উচটনিমূলক বক্তব্য দিয়া জনপ্ৰতিনিধিক ৰেহাই নিদিয়াৰ কথা ক’লে মুখ্য মন্ত্ৰীয়ে

দল-সংগঠন আৰু ছ’চিয়েল মিডিয়াৰ লগতে জগৰীয়া কৰিলে সংবাদ মাধ্যম আৰু জনপ্ৰতিনিধিকো

123-750x375

কালিৰ তিনিচুকীয়া জিলাৰ খেৰবাৰীত ৫জন লোকক হত্যা কৰা ঘটনাৰ বাবে দল-সংগঠন আৰু ছ’চিয়েল মিডিয়াৰ লগতে সংবাদ মাধ্যম আৰু উচটনিমূলক বক্তব্য দি অহা জনপ্ৰতিনিধিও দায়ী বুলি আজি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰিলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্যত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উচটনিমূলক মন্তব্য দিয়া সকলো পক্ষৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিয়ে। তেওঁ সংশ্লিষ্টসকলক বিশেষভাৱে সকীয়াই দিয়া বুলি কয়। “চৰকাৰ এই ক্ষেত্ৰত শুই-বহি নাথাকে”, এইদৰে কয় মুখ্য মন্ত্ৰীজনে।

মন কৰিব লগীয়া যে ‘এই পৰিস্থিতিৰ বাবে জনপ্ৰতিনিধিৰ উচটনিমূলক বক্তব্যও দায়ী’ বুলি কোৱাৰ লগে লগে এজন এজন সাংবাদিকে বিজেপি দলৰ এজন বিধায়কৰ কথাটো উনুকিয়াই দিয়ে। তেতিয়া সোণোৱালে কয়, “এটা কথা স্পষ্ট, যিয়েই নহওক কিয়, প্ৰৰোচনামূলক বিবৃতি, ঘৃণাবাৰ্তা এইবিলাক প্ৰদান কৰা জনপ্ৰতিনিধিয়েই হওক, দল-সংগঠন, সংবাদ মাধ্যমেই হওক, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ম।”

উল্লেখযোগ্য যে বিজেপিৰ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেবে ধাৰাবাহিকভাৱে বহু দিনৰ পৰা উচটনিমূলক মন্তব্য দি আহিছে। তাৰ পিছতো চৰকাৰে জনপ্ৰতিনিধিজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাছিল। আনকি আজিও বিধায়কজনে একেই উচটনিমূলক মন্তব্য দিয়া দেখা গৈছে।

ইয়াৰ বিপৰীতে উচটনিমূলক মন্তব্য দিয়া বাবে আলোচনাপন্থী আলফা নেতা জিতেন দত্ত আৰু মৃণাল হাজৰিকাক আৰক্ষীয়ে ইতিমধ্যে একাধিকবাৰ সোধা-পোছাৰ বাবে আটক কৰিছে।

ছ’চিয়েল মিডিয়াত চৰকাৰে নিজৰ বিধায়কক পৰিৱেশ অগ্নিময় কৰিবলৈ খোলাহাত দিয়া এই ভূমিকাক কঠোৰ সমালোচনা কৰা দেখা গৈছে।