ৰাজ্যত অধিক নমুনা পৰীক্ষা কৰাৰ বাবে স্বাস্থ্য বিভাগক মুখ্য মন্ত্ৰীৰ নিৰ্দেশ

মুখ্য মন্ত্ৰীৰ বৈঠক

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোভিড-১৯ৰ নমুনা পৰীক্ষা অধিক বৃদ্ধি কৰিবলৈ আজি স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে কণ্টেইনমেণ্ট জ’ন, কোৱাৰেণ্টাইন চেণ্টাৰসমূহত স্বাস্থ্য বিভাগৰ নিৰ্দেশনাৱলী সমূহ যাতে সুনিশ্চিতভাৱে পালন কৰা হয় তাৰ বাবেও যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

আজি জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ শেহতীয়া কোভিড-১৯ পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে এই নিৰ্দেশ দিয়ে।

এই বৈঠকত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনত কোভিড-১৯ সংক্ৰমণ প্ৰতিহত কৰা আৰু ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকসকলক আগবঢ়োৱা চিকিৎসা, কোৱাৰেণ্টাইন চেণ্টাৰ, কণ্টেইনমেণ্ট জ’নত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও আলোচনা কৰা হয়।

গুৱাহাটীকে ধৰি বিভিন্ন চহৰসমূহত কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা আৰু এই সন্দৰ্ভত ল’বলগীয়া ব্যৱস্থাৰাজিৰ সম্পৰ্কতো বিতংভাৱে আলোচনা কৰা হয়।

বৈঠকত সোণোৱালে নিৰীক্ষণ ব্যৱস্থাটো অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। মুখ্য মন্ত্ৰীয়ে বাহিৰৰ পৰা অসমলৈ অহা লোকসকলৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনাৱলী যাতে কঠোৰভাৱে বলৱৎ কৰা হয় সেই দিশত গুৰুত্ব আৰোগ কৰে।

বৈঠকত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নমুনা পৰীক্ষা কৰা সন্দৰ্ভত মুখ্য মন্ত্ৰীক অৱগত কৰি কয় যে ৰাজ্যখনত অহা ৩-৪ দিনৰ ভিতৰতে ১৫ টা পৰীক্ষাগাৰৰ জৰিয়তে পৰীক্ষা কৰাটো সম্ভৱ হৈ উঠিব।

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনত ক’ৰ’না সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে ল’বলগীয়া ব্যৱস্থাৰাজিৰ সম্পৰ্কতো হিমন্ত বিশ্ব শৰ্মাই সোণোৱালক অৱগত কৰে।

বৈঠকত স্বাস্থ্য বিভাগৰ প্ৰধান সচিৱ সমীৰ কুমাৰ সিনহাই কোভিড-১৯ পজিটিভ কেছৰ বাবে ৰাজ্যখনত ১২২৫ খন আইছ’লেশ্যন বেড, সন্দেহজনক ৰোগীৰ বাবে ৪০১ খন আইছ’লেশ্যন বেড. কোভিড-১৯ ৰোগীৰ বাবে ১৯২ টা আই চি য়ু, ১৮৩ টা ভেণ্টিলেটৰৰ ব্যৱস্থা উপলব্ধ আছে বুলি জনায়।